অসম

assam

ETV Bharat / bharat

ইডিৰ অভিযোগনামাত লালু যাদৱৰ পত্নী-কন্যাৰ নাম

Land for Job scam: দিল্লীৰ ৰাউজ এভিনিউ আদালতত ‘লেণ্ড ফৰ জব’ কেলেংকাৰীৰ অভিযোগনামা দাখিল কৰিছে ইডিয়ে । এই অভিযোগনামাত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবড়ী দেৱী, মীসা ভাৰতী, হিমা যাদৱ, হৃদয়ানন্দ চৌধৰী আৰু অমিত কাত্যালৰ নাম সন্নিবিষ্ট কৰা হৈছে । অহা ১৬ জানুৱাৰীত শুনানি গ্ৰহণ কৰা হ’ব এই গোচৰৰ ।

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 4:01 PM IST

Land for Job scam
Land for Job scam

নিউজ ডেস্ক, 9 জানুৱাৰী: চাকৰিৰ বাবে ভেঁটি দিয়াৰ গোচৰত প্ৰৱৰ্তক সঞ্চালকালয়ে ৰাউজ এভিনিউ ক’ৰ্টত দাখিল কৰিছে অভিযোগনামা ৷ অহা 16 জানুৱাৰীত এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব আদালতে ৷ ইডিয়ে অভিযোগনামাত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাৱড়ী দেৱীক অভিযুক্ত সজাইছে ৷ ইডিয়ে ৰাৱড়়ী দেৱীৰ উপৰিও মীসা ভাৰতী, হিমা যাদৱ, হৃদয়ানন্দ চৌধৰী আৰু অমিত কাত্যালকো অভিযুক্ত হিচাপে চিহ্নিত কৰিছে ইডিয়ে ৷

আদলতে ইডিক অভিযোগ নামাৰ ই-প্ৰতিলিপিও দাখিল কৰিবলৈ নিৰ্দেশ দিছে ৷ কেইদিনমান পূৰ্বে অমিত কাত্যালক গ্ৰেপ্তাৰ কৰিছিল ৷ চাকৰিৰ বাবে ভেঁটি দিয়াৰ অভিযোগত ইডিৰ পূৰ্বে চিবিআইৰ ওচৰত দাখিল কৰা হৈছিল গোচৰ ৷ দিল্লীৰ ৰাউজ এভিনিউ আদালতত চিবিআইৰ গোচৰো চলি আছে ৷

চিবিআইৰ সৈতে জড়িত গোচৰত আদালতে যোৱা বৰ্ষৰ 4 অক্টোবৰত বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰ জে ডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱ আৰু ৰাবড়ী দেৱীক জামিন প্ৰদান কৰিছিল ৷ আদালতে 2023 বৰ্ষৰ 22 ছেপ্টেম্বৰত চিবিআই-এ দাখিল কৰা দ্বিতীয়খন অভিযোগনামাৰ ভিত্তিত শুনানি গ্ৰহণ কৰে ৷ 2023 চনৰ 3 জুলাইত চিবিআই-এ সম্পূৰ্ণ অভিযোগনামা দাখিল কৰিছিল ৷

আদালতে 27 ফেব্ৰুৱাৰী, 2023 ত এই তিনিগৰাকী অভিযুক্তকে প্ৰমুখ্য কৰি সকলো অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামাৰ ভিত্তিত শুনানি গ্ৰহণ কৰিছিল ৷ 2022 বৰ্ষৰ 7 অক্টোবৰত চাকৰিৰ বাবে ভেঁটি দিয়াৰ গোচৰত চিবিআই-এ লালু যাদৱ, ৰাবড়ী দেৱী আৰু মীসা ভাৰতীসহ 16 গৰাকী অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল ৷

চাকৰিৰ বাবে ভেঁটি প্ৰদান কেলেংকাৰীৰ গোচৰত চিবিআই-এ ভোলা যাদৱ হৃদয়ানন্দ চৌধৰীক গ্ৰেপ্তাৰ কৰিছিল ৷ ভোলা যাদৱে 2004 চনৰ পৰা 2009 চনলৈকে লালু প্ৰসাদ যাদৱৰ অ’এছডি আছিল ৷ এই কেলেংকাৰী লালু প্ৰসাদ যাদৱ কেন্দ্ৰীয় ৰে’লমন্ত্ৰী হৈ থকাৰ সময়তে সংঘটিত হৈছিল ৷ ভোলা যাদৱক এই কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড বুলি জনা যায় ৷ অভিযোগ মতে লালু প্ৰসাদ যাদৱ ৰে’লমন্ত্ৰী হৈ থকাৰ সময়ত চাকৰিৰ বাবে ভূমি উৎকোচ লোৱা হৈছিল প্ৰাৰ্থীৰ পৰা ৷ এই কেলেংকাৰীৰ সকলো দায়িত্ব প্ৰদান কৰা হৈছিল ভোলা যাদৱক ৷

2015 চনৰ বিহাৰ বিধানসভা নিৰ্বাচনত বাহাদুৰপুৰ আসনৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল ভোলা যাদৱ । উল্লেখ্য যে মে’ মাহৰ তৃতীয় সপ্তাহত চিবিআই-এ এই গোচৰত লালু যাদৱৰ পৰিয়ালৰ সৈতে জড়িত 17 টা স্থানত অভিযান চলাইছিল । চিবিআইয়ে পাটনা, গোপালগঞ্জ আৰু দিল্লীত লালু যাদৱ, তেওঁৰ পত্নী ৰাবড়ী দেৱী আৰু কন্যা মীসা ভাৰতীৰ ঘৰত অভিযান চলাইছিল ।

লগতে পঢ়ক:প্ৰৱাসী ভাৰতীয় দিৱসৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ABOUT THE AUTHOR

...view details