নিউজ ডেস্ক, ৬ জানুৱাৰী :পশ্চিমবংগৰ আৰক্ষী অধীক্ষক ৰাজীৱ কুমাৰ আৰু বসিৰহাট জিলা আৰক্ষী অধীক্ষক জে বি থমাছক ইমেইলযোগে সন্দেশখালিৰ ঘটনাৰ অভিযোগ দাখিল কৰে ইডিয়ে । সূত্রৰ খবৰ অনুযায়ী, ইডিয়ে এই দুয়োগৰাকীলৈকে অভিযোগ-পত্ৰ প্ৰেৰণ কৰিছে ৷ অভিযোগ-পত্ৰত লিখা হৈছে যে শুকুৰবাৰে ইডিৰ বিষয়াসকলে আইন অনুযায়ীয়ে শ্বেখ ছাহজাহানৰ ঘৰত তালাচী চলাবলৈ গৈছিল । কিন্তু তাত তেওঁলোকৰ ওপৰত আক্ৰমণ চলোৱা হয় ।
অভিযোগ অনুসৰি, পূৰ্ব পৰিকল্পনা অনুসৰিয়ে ইডিৰ তদন্তকাৰী বিষয়াসকলৰ ওপৰত আক্ৰমণ চলোৱা হয় । তালাচী আৰম্ভ কৰাৰ বহু সময় পূৰ্বৰে পৰা অঞ্চলটোত মানুহৰ সমাগম হৈছিল । আক্ৰমণকাৰীয়ে বিষয়াসকলৰ মোবাইল ফোন আৰু লেপটপসহ বহু গুৰুত্বপূর্ণ নথিপত্র লৈ পলায়ন কৰে । আনহাতে, অভিযুক্তৰ বিৰুদ্ধে যেন সোনকালে আইনী প্রক্রিয়া আৰম্ভ কৰে ইডিয়ে তাৰো দাবী জনাইছে ৷ অৱশ্যে ইডিয়ে প্ৰেৰণ কৰা এই ইমেইল সন্দৰ্ভত ৰাজ্যখনৰ আৰক্ষীৰ তৰফৰ পৰা কোনো বিষয়াই এই পর্যন্ত কোনো প্রতিক্রিয়া প্ৰকাশ কৰিব বিচৰা নাই ।
উল্লেখ্য যে শুকুৰবাৰে সন্দেশখালিত তৃণমূল নেতা শ্বেখ ছাহজাহানৰ ঘৰত তালাচী অভিযান চলাবলৈ গৈছিল ইডিৰ বিষয়াসকলে । কেন্দ্রীয় তদন্তকাৰী সংস্থাটোৰ বিষয়াসকলৰ সৈতে আছিল চিআৰপিএফৰ 50 জন জোৱান । তদন্তকাৰীসকলৰ দাবী, তেওঁলোকে শ্বেখ ছাহজাহানৰ ঘৰত উপস্থিত হৈ দেখে যে গে'টৰ বাহিৰত তলা ওলমি আছে ৷