নেশ্যনেল ডেস্ক, 8 জুলাই : শুকুৰবাৰে প্ৰৱৰ্তন সঞ্চালকালয়ে আম আদমি পাৰ্টিৰ নেতা তথা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়া আৰু তেওঁৰ পত্নী সীমা ছিছোডিয়াৰ 52 কোটি টকাৰ সম্পত্তি জব্দ কৰে ৷ দিল্লী আবকাৰী নীতি কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে ছিছোডিয়াক জামিন আবেদন খাৰিজ কৰাৰ এদিন পিছতে প্ৰৱৰ্তন সঞ্চালকালয়ে জব্দ কৰে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়াৰ সম্পত্তি । সঞ্চালকালয়ে জানিবলৈ দিয়া অনুসৰি এই সম্পত্তিৰ ভিতৰত আছে মনীষ ছিছোডিয়াৰ 11.49 লাখ টকাৰ লগতে ব্ৰিণ্ডকো চেলছ প্ৰাইভেট লিমিটেডৰ বেংক বেলেঞ্চ ।
মনীষ ছিছোডিয়া আৰু তেওঁৰ পত্নীৰ ৰাজেশ যোশী আৰু গৌতম মালহোত্ৰাৰ নামত যি দুটা সম্পত্তি আছে সেয়াও ধন সৰবৰাহৰ প্ৰতিৰোধ আইনৰ অধীনত জাৰি কৰা অস্থায়ী আদেশত উল্লেখ কৰা হৈছে বুলি জানিবলৈ পৰা গৈছে । দিল্লী আবকাৰী নীতি 2021-2022 প্ৰণয়ন আৰু ৰূপায়ণৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগত চিবিআইয়ে 26 ফেব্ৰুৱাৰীৰ দিনা একাধিক জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰিছিল মনীষ ছিছোডিয়াক ।