অসম

assam

ETV Bharat / bharat

তামোলৰ ঢকুৱাৰে প্ৰস্তুত পৰিৱেশ অনুকূল তিনি বৰণীয়া বেজ

স্বাধীনতা দিৱস(Independence Day)লৈ মাজত মাথোঁ কেইটামান দিন বাকী । দেশ স্বাধীন হোৱাৰ এই দিনটো উদযাপন কৰিব ভাৰতবাসীয়ে । সেই উদ্দেশ্যেৰে আৰম্ভ হৈছে স্বাধীনতা দিৱসৰ প্ৰস্তুতি । এই সময়তে পৰিৱেশ অনুকুল তিনি বৰণীয়া বেজ(Tricolour badges) প্ৰস্তুত কৰি চৰ্চালৈ আহিছে মাংগালুৰুস্থিত এটা প্ৰতিষ্ঠান ।

Eco friendly tricolour badges and rakhis made from Areca leaves
তামোলৰ ঢকুৱাৰে পৰিৱেশ অনুকূল তিনি বৰণীয়া বেজ প্ৰস্তুত

By

Published : Aug 10, 2021, 7:37 PM IST

নেশ্যনেল ডেস্ক, ১০ আগষ্ট: বৰ্তমান পৰিৱেশৰ সুৰক্ষাৰ বিষয়ে বিভিন্ন সজাগতামূলক অভিযান অব্যাহত ৰাখিছে চৰকাৰ তথা পৰিৱেশ সংৰক্ষণৰে জড়িত বিভিন্ন স্বেচ্ছাসেৱী সংস্থাই । প্ৰকৃতিৰ অনিষ্ট নকৰাকৈ কেনেদৰে প্ৰয়োজনীয় সামগ্ৰী নিৰ্মাণ কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । শেহতীয়াকৈ মাংগালুৰুস্থিত এটা প্ৰতিষ্ঠানেও এনে ধৰণৰ পৰিৱেশ অনুকুল সামগ্ৰী প্ৰস্তুত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

স্বাধীনতা দিৱস উপলক্ষে পৰিৱেশ অনুকুল তিনি বৰণীয়া বেজ(Tricolour badges) প্ৰস্তুত কৰিছে প্ৰতিষ্ঠানটোৱে । তামোলৰ ঢকুৱাৰে প্ৰস্তুত কৰা হৈছে এই বেজবোৰ । পুনৰ ব্যৱহাৰ কৰিব পৰা, সহজে নিষ্কাশন কৰিব পৰা সামগ্ৰী প্ৰস্তুত কৰাৰ বাবে এই প্ৰতিষ্ঠানটো জনাজাত । বিশেষকৈ উৎসৱ আৰু অন্যান্য অনুষ্ঠানৰ বাবে বিভিন্ন পৰিৱেশ অনুকুল সামগ্ৰী প্ৰস্তুত কৰে এই প্ৰতিষ্ঠানটোৱে ।

এইবাৰ স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত এই সুন্দৰ তিনি বৰণীয়া বেজবোৰ প্ৰস্তুত কৰি উলিয়াইছে তেওঁলোকে । সমান্তৰালকৈ পৰিৱেশ অনুকুল ৰাখীও প্ৰস্তুত কৰিছে প্ৰতিষ্ঠানটোৱে । ৰাখী বন্ধনত ভাতৃক এডাল পৰিৱেশ অনুকুল ৰাখী দিব বিচৰাসকলৰ সুবিধাৰ্থে কেইবাটাও সুন্দৰ আৰ্হিত প্ৰস্তুত কৰা হৈছে ৰাখীবোৰ ।

তামোলৰ ঢকুৱাৰে পৰিৱেশ অনুকূল তিনি বৰণীয়া বেজ প্ৰস্তুত

এই প্ৰতিষ্ঠানটো গঢ়ি তোলাৰ আঁৰৰ মূল ব্যক্তি নিতিশ ভাছৰ প্ৰচেষ্টাতে এতিয়া এই সামগ্ৰীবোৰ বজাৰত উপলব্ধ হৈছে । ইয়াৰ পূৰ্বে এই প্ৰতিষ্ঠানটোৱে পৰিৱেশ অনুকুল মাস্ক প্ৰস্তুত কৰি চৰ্চালৈ আহিছিল । এই মাস্কৰ বিশেষত্ব এয়ে য়ে, মাস্কৰ ভিতৰত গছৰ বীজ ভৰাই থোৱা হয় আৰু মাস্ক ব্যৱহাৰ কৰাৰ পিছত মাটিত পেলাই থ'লে গছ গজিবলৈ ধৰে । মাস্কবোৰত সাধাৰণতে শাক-পাচলিৰ বীজ ভৰাই থোৱা হয় । এই মাস্কৰ বাবে যথেষ্ট সমাদৰ লাভ কৰিছিল প্ৰতিষ্ঠানটোৱে ।

এতিয়া স্বাধীনতা দিৱস আৰু ৰাখী বন্ধনৰ বাবে এই বিশেষ বেজ আৰু ৰাখী প্ৰস্তুত কৰি উলিয়াইছে প্ৰতিষ্ঠানটোৱে । পূৰ্বে কাগজ ব্যৱহাৰ কৰি এই সামগ্ৰীবোৰ প্ৰস্তুত কৰা হৈছিল । কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে তামোলৰ ঢকুৱা ব্যৱহাৰ কৰি বেজ আৰু ৰাখী প্ৰস্তুত কৰা হৈছে । এই পৰিৱেশ অনুকুল বেজ আৰু ৰাখীবোৰৰ বিশেষত্ব এয়ে যে, এইবোৰৰ মাজত আছে বিলাহী, তুলসী আৰু বেঙেনাৰ বীজ ।

যেতিয়া বেজ আৰু ৰাখীবোৰ নিষ্কাশন কৰা হ'ব তেতিয়া মাটি প্ৰদূষিত কৰাৰ পৰিৱৰ্তে ইয়াৰ গছ গজিব । এই ত্ৰিৰংগা বেজৰ মূল্য ১০ টকা আৰু ৰাখীৰ মূল্য ৩৫ টকা । এই দুয়োটা সামগ্ৰী অনলাইনযোগে বিক্ৰী কৰি থকা হৈছে ।

লগতে পঢ়ক: ক্ৰমান্বয়ে ভাৰতত বৃদ্ধি পাইছে সিংহৰ সংখ্যা : PM মোডী

ABOUT THE AUTHOR

...view details