নিউজ ডেস্ক, ২৪ জানুৱাৰী: সোমবাৰে ১১ তম ৰাষ্ট্ৰীয় ভোটাৰ দিৱস চমুকৈ (এন ভি ডি) । এইবাৰৰ এন ভি ডিৰ বিষয়বস্তু হৈছে 'আমাৰ ভোটাৰসকলক ক্ষমতাপ্ৰাপ্ত, সজাগ, সুৰক্ষিত আৰু অৱগত' কৰা । ভাৰতীয় নিৰ্বাচনী আয়োগে সোমবাৰে নতুন দিল্লীৰ অশোক হোটেলত এন ভি ডি পালন কৰিব । এই বিষয়বস্তুৰ দ্বাৰা নিৰ্বাচনৰ সময়ত সক্ৰিয় আৰু অংশগ্ৰহণকাৰী ভোটাৰৰ আশা প্ৰকাশ কৰা হৈছে ।
ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব । অৱশ্যে ৰাষ্ট্ৰপতি ভৱনৰ পৰা ভাৰ্চুৱেলি ভাষণ প্ৰদান কৰিব ৰামনাথ কোৱিন্দে । ইয়াৰেপৰি কেন্দ্ৰীয় আইন আৰু ন্যায়, যোগাযোগ আৰু বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী ৰবি শংকৰ প্ৰসাদো উপস্থিত থাকিব । এই অনুষ্ঠানতে কোৱিন্দে ২০২০-২১ বৰ্ষৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিব আৰু নিৰ্বাচনী আয়োগৰ ৱেব ৰেডিঅ' হেল্ল ভোটাৰ্ছৰ মুকলি কৰিব ।