নেচনেল ডেস্ক,20 ডিচেম্বৰ:নিৰ্বাচন অনুষ্ঠিত কৰা প্ৰক্ৰিয়াৰ সৈতে জড়িত বিষয়া সকলক বদলি আৰু নিয়োগৰ সন্দৰ্ভত নিৰ্বাচনমুখী পাঁচখন ৰাজ্যৰ মুখ্য সচিব আৰু মুখ্য নিৰ্বাচনী বিষয়াসকললৈ ভাৰতৰ নিৰ্বাচনী আয়োগে এক পৰামৰ্শ প্ৰেৰণ কৰিছে ৷ এই পাঁচ ৰাজ্য হ'ল অন্ধ্ৰ প্ৰদেশ, অৰুণাচল প্ৰদেশ, উড়িশা, পশ্চিম বংগ আৰু চিকিম ৷
18 ডিচেম্বৰৰ এই পৰামৰ্শত কোৱা হৈছে যে ধাৰাবহিক নীতি অনুসৰণ কৰি নিৰ্বাচনী আয়োগে নিৰ্বাচন অনুষ্ঠিত কৰা প্ৰক্ৰিয়াৰ সৈতে জড়িত বিষয়া কৰ্মী সকলক নিজৰ গৃহ জিলাত নিয়োগ কৰা নহয় ৷ উক্ত পৰামৰ্শত এইবুলিও কোৱা হৈছে যে স্বতন্ত্ৰ আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্যে নিৰ্বাচনী আয়োগে এক ধাৰাবাহিক নীতি মানি চলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সেই অনুসৰি কোনো নিৰ্বাচনী বিষয়া তথা কৰ্মচাৰীক তেওঁলোকৰ গৃহজিলাত তথা তেওঁলোকে দীৰ্ঘদিন ধৰি সেৱা আগবঢ়োৱা কোনো ঠাইতে নিয়োগ কৰা নহয় ৷