অসম

assam

ETV Bharat / bharat

31 মাৰ্চত হ’ব ৰাজ্যসভা নিৰ্বাচন - Himanta Biswa Sarama on Rajyasabha election

ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা (Rajyasabha Election date) ৷ ৰাজ্যসভাৰ 13 আসনৰ বাবে 31 মাৰ্চত হ’ব নিৰ্বাচন ৷

Rajyasabha Election date
31 মাৰ্চত হ’ব ৰাজ্যসভা নিৰ্বাচন

By

Published : Mar 7, 2022, 2:08 PM IST

Updated : Mar 7, 2022, 5:34 PM IST

গুৱাহাটী, ৭ মাৰ্চ: ৰাজ্যসভাত খালী হ’বলগীয়া 13 খন আসনৰ বাবে অহা ৩১ মাৰ্চত অনুষ্ঠিত হ’ব নিৰ্বাচন (Rajyasabha election in India)। সোমবাৰে আনুষ্ঠানিকভাৱে দেশৰ নিৰ্বাচন আয়োগে এই কথা ঘোষণা কৰিছে (Rajyasabha election date declared)। ইয়াৰ ভিতৰত আছে অসমৰ দুখন আসন ৷ সম্প্ৰতি কংগ্ৰেছৰ দখলত আছে এই দুয়োখন আসন । ৰাণী নৰহ আৰু ৰিপুণ বৰাৰ দখলত থকা এই দুয়োখন আসনেই এইবাৰ বিজেপিয়ে নিজৰ দখললৈ নিব বুলি পূৰ্বৰে পৰাই দাবী কৰি আহিছে ।

উল্লেখযোগ্য যে, বৰ্তমান ৰাজ্যসভাৰ সাংসদ হৈ থকা ৰাণী নৰহ আৰু ৰিপুণ বৰাৰ কাৰ্যকাল অহা ২ এপ্ৰিলত শেষ হ’ব । তাৰ পূৰ্বেই ৩১ মাৰ্চত অনুষ্ঠিত হ’ব আসন দুখনৰ বাবে নিৰ্বাচন । সোমবাৰে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা জাননী অনুসৰি ৰাজ্যসভাৰ এই নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হ’ব ১৪ মাৰ্চত । মনোনয়ন দাখিলৰ অন্তিম দিন ২১ মাৰ্চ । ২২ মাৰ্চত মনোনয়ন সমূহ পৰীক্ষা কৰা হ’ব । মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে ২৪ মাৰ্চ ।

অসমৰ লগতে সেই একেদিনাই হিমাচল প্ৰদেশৰ এখন, কেৰালাৰ ৩ খন, নাগালেণ্ডৰ এখন, ত্ৰিপুৰাৰ এখন আৰু পাঞ্জাৱৰ ৫ খন আসনৰ বাবেও নিৰ্বাচন অনুষ্ঠিত হ’ব (Rajyasabha election news)।

মনকৰিবলগীয়া যে, অসমৰ কাৰণে খালী হ’বলগীয়া দুখন আসনৰ এখন আসন সংখ্যাৰ ফালৰ পৰা বিজেপিয়ে অনায়াসে লাভ কৰাটো নিশ্চিত । কিন্তু বিজেপিৰ ৰাজ্যিক নেতৃত্ব আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰি আহিছে যে, এখন নহয় বিজেপিয়ে নিজৰ দখললৈ নিব দুয়োখন আসনেই (Himanta Biswa Sarama on Rajyasabha election)। তাৎপৰ্যপূৰ্ণ যে, এখন আসনত জয়ী হ’বলৈ ন্যূনতম ৪২ গৰাকী বিধায়কৰ ভোটৰ প্ৰয়োজন । সেইফালৰ পৰা বিৰোধীৰ হাতত এই সংখ্যা আছে যদিও বিজয়ৰ বাবে নিশ্চিত হ’ব পৰা নাই বিৰোধী ।

31 মাৰ্চত হ’ব ৰাজ্যসভা নিৰ্বাচন

কংগ্ৰেছ, এ আই ইউ ডি এফ, চি পি এম আৰু নিৰ্দলীয় (ৰাইজৰ দল) বিধায়কৰ মুঠ সংখ্যা এজন প্ৰাৰ্থীক জয়ী কৰি নিব পৰাকৈ যথেষ্ঠ । কিন্তু তথাপিও আস্বস্ত হ’ব পৰা নাই বিৰোধী । কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দুয়োটা দলেই বিচাৰিছে আসনখনৰ বাবে নিজা নিজা প্ৰাৰ্থী । এতিয়াও নিস্পত্তি হোৱা নাই প্ৰাৰ্থীজন কংগ্ৰেছৰ হ’ব নে এ আই ইউ ডি এফৰ হ’ব ।

ইপিনে, কংগ্ৰেছৰ দুই বিধায়ক শ্বেৰমান আলী আহমেদ আৰু শশীকান্ত দাসক ইতিমধ্যে দলটোৱে নিলম্বন কৰি থৈছে । গতিকে তেওঁলোক দুজনৰ ভোট বিৰোধীয়ে আশা কৰাটোও ভুল হ’ব ।

সেয়েহে সাতে সোতৰই মিলি জয়ৰ বাবে পৰ্যাপ্ত বিধায়ক থকা স্বত্বেও বিৰোধীয়ে জিকিমেই বুলি বুকুত হাত থৈ দাবী কৰিব পৰা পৰিস্থিতি হোৱা নাই ৷ ইপিনে, সোমবাৰে পুনৰবাৰ মন্ত্ৰী পীযুষ হাজৰিকাই দাবী কৰিছে যে বিৰোধীয়ে যিমানেই চেষ্টা নকৰক, যিমানেই কুচকাৱাজ নচলাওক কিয় দুয়োখন আসন বিজেপিৰেই হ’ব । বিৰোধীয়ে ৰাজ্যসভাৰ আসন দখল কৰিবলৈ চেষ্টা চলাই কোনো লাভ নাই বুলিও তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক :Assam Cabinet Decision: এতিয়াৰে পৰা অসমত নাথাকিব ‘ৰাজহ নগৰ‘

Last Updated : Mar 7, 2022, 5:34 PM IST

ABOUT THE AUTHOR

...view details