নিউজ ডেস্ক, 29 জুন: ৬ আগষ্টত অনুষ্ঠিত হ'ব ভাৰতৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ (Vice president poll 2022)৷ সেইদিনাই ফলাফল ঘোষণা কৰা হ'ব বুলি নিৰ্বাচন আয়োগে বুধবাৰে ঘোষণা কৰে (ECI announces date for Vice president poll)। বৰ্তমানৰ এম ভেংকায়া নাইডুৰ উত্তৰাধিকাৰী নিৰ্ধাৰণৰ বাবে নিৰ্বাচনৰ অধিসূচনা ৫ জুলাইত জাৰি কৰা হ'ব আৰু মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ হ'ব ১৯ জুলাই ৷ মনোনয়ন পত্ৰৰ পৰীক্ষা ২০ জুলাইত কৰা হ'ব আৰু প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ২২ জুলাই ।
উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়সূচী মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ আৰু নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডেৰ এখন বৈঠকত চূড়ান্ত কৰা হয় । ভেংকায়া নাইডু হৈছে বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি, তেওঁৰ কাৰ্যকাল 10 আগষ্টত অন্ত পৰিব । উপ-ৰাষ্ট্ৰপতিজনে ৰাজ্যসভাৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰে (Rajyasabha Speaker of India) ৷
সংবিধানৰ ৬৮ নং অনুচ্ছেদ অনুসৰি, বিদায়ী উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যকাল সমাপ্ত হোৱাৰ ফলত হোৱা খালী পদ পূৰণৰ বাবে কাৰ্যকাল সমাপ্ত হোৱাৰ আগতে নিৰ্বাচন সম্পূৰ্ণ কৰিব লাগিব বুলি নিৰ্বাচন আয়োগে কয় ৷