নেশ্যনেল ডেস্ক, 1 ডিচেম্বৰ:এজন লোকে তেওঁৰ চাৰিওটা সন্তানক হানি খুচি হত্য়া কৰাৰ লগতে পত্নী আৰু পঞ্চমটো সন্তানক গুৰুতৰভাৱে আহত কৰে । এই ঘটনা সংঘটিত হৈছে বিহাৰৰ চিৱান জিলাত । মঙলবাৰে এই বিষয়ে জানিবলৈ দিয়ে এগৰাকী আৰক্ষী বিষয়াই ।
পৰিয়ালৰ লোকক চোকা অস্ত্ৰৰে হত্য়া বিহাৰৰ এজন লোকৰ ভগবানপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই জানিবলৈ দিয়া মতে, অভিযুক্ত অৱধেশ চৌধুৰী বলহা আলীমৰ্দানপুৰ গাঁৱৰ নিবাসী । অভিুক্তই চোকা অস্ত্ৰৰে তেওঁৰ পৰিয়ালৰ লোকক আক্ৰমণ কৰে ।
দম্পতীহালৰ ৫ সন্তানৰ ভিতৰত 3 টা পুত্ৰ সন্তান আৰু ২কন্য়া সন্তানে ঘটনাস্থলীতে মৃত্য়ুক সাৱটি লয় । আনহাতে পত্নী আৰু পঞ্চমটো সন্তান অতি গুৰুতৰভাৱে আহত হয় । এই ঘটনাৰ আঁৰৰ কাৰণ বৰ্তমানেও জানিব পৰা যোৱা নাই ।
আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে, আহক লোক কেইগৰাকীক নিকটৱৰ্তী এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । কিন্তু তেওঁলোকৰ অৱস্থা অতি সংকটজনক হোৱাৰ বাবে পাটনাৰ এখন চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ।
লগতে পঢ়ক:জম্মু আৰু কাশ্মীৰত ডিডিচি নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ