নেশ্যনেল ডেস্ক,১৩ মাৰ্চ: ভাৰতৰ নিৰ্বাচনী আয়োগে পশ্চিমবংগ চৰকাৰৰ পৰা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ আক্ৰমণৰ ঘটনা সন্দৰ্ভত অধিক তথ্য বিচাৰিছে । আয়োগে ৰাজ্যখনৰ মুখ্য সচিব আলাপন বন্দোপাধ্যায়ক এখন নতুন প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দি কৈছে যে, পূৰ্বে দাখিল কৰা প্ৰতিবেদনত পশ্চিমবংগ চৰকাৰে পৰ্যাপ্ত তথ্য দাঙি ধৰা নাই । শনিবাৰে আবেলি ৫ বজাৰ ভিতৰত ৰাজ্যৰ মুখ্য সচিবগৰাকীক প্ৰতিবেদন দাখিলৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে আয়োগে ।
বুধবাৰে সন্ধিয়া নন্দীগ্ৰাম বিধানসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰাৰ পিছত মমতা বেনাৰ্জীয়ে সমষ্টিটোত প্ৰচাৰ অভিযান চলাইছিল আৰু এই সময়তে একাংশ অচিনাক্ত লোকে ঠেলা-হেঁচা কৰাত মুখ্যমন্ত্ৰীগৰাকী তলত পৰি যায় । তেওঁৰ বাঁও ভৰি আৰু কঁকালত আঘাত পাইছিল । এই ঘটনা সংঘটিত হোৱাৰ পিছত, নিৰ্বাচনী আয়োগে শুক্ৰবাৰে সন্ধিয়াৰ ভিতৰত মুখ্য সচিব আলাপন বন্দোপাধ্যায়, বিশেষ পৰ্যবেক্ষক অজয় নায়ক আৰু বিশেষ আৰক্ষী পৰ্যবেক্ষক বিবেক ডুবেৰ পৰা প্ৰতিবেদন বিচাৰিছিল ।
এক সূত্ৰই জনোৱা মতে, ৰাজ্য চৰকাৰে দাখিল কৰা প্ৰতিবেদনত পৰ্যাপ্ত তথ্য নাছিল । এই প্ৰতিবেদনত উল্লেখ কৰা মতে, ভিৰৰ মাজত বেনাৰ্জী আহত হৈছিল । অৱশ্যে, এই কথা প্ৰমাণ কৰিবলৈ কোনো চিচিটিভি ফুটেজ নাছিল । লগতে নিৰ্বাচনী আয়োগে কয় যে, প্ৰতিবেদনখনত স্পষ্টভাৱে কোৱা হোৱা নাই যে ঘটনাটো কেনেকৈ আৰু ক'ত হৈছিল । সেয়েহে, আয়োগে এতিয়া পশ্চিমবংগৰ মুখ্য সচিবৰ পৰা অধিক তথ্য বিচাৰিছে ।