নেশ্যনেল ডেস্ক,১ এপ্ৰিল:তামিলনাডুত অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । ৪ এপ্ৰিলৰ সন্ধিয়া সমাপ্ত হ'ব নিৰ্বাচনী প্ৰচাৰ । ৰাজ্যখনত প্ৰতিটো ৰাজনৈতিক দলে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ ।
কিন্তু ইয়াৰ মাজতে বৃহস্পতিবাৰে ৪৮ ঘণ্টাৰ বাবে নিৰ্বাচন আয়োগে নিষিদ্ধ কৰে দ্ৰাবিড় মুনেত্ৰা কাঝাগাম দলৰ(ডিএমকে) নেতা এ ৰাজাক । তামিলনাডুৰ মুখ্যমন্ত্ৰী কে পালানীস্বামী আৰু তেওঁৰ মাতৃ সন্দৰ্ভত অপমানজনক মন্তব্য কৰি নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগত নেতাগৰাকীৰ নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰে নিৰ্বাচন আয়োগে ।