অসম

assam

ETV Bharat / bharat

মমতা বেনাৰ্জী লৈ নিৰ্বাচনী আয়োগৰ কাৰণ দৰ্শোৱা জাননী - বিজেপি নেতা মুখতাৰ আব্বাছ নকভি

মমতা বেনাৰ্জীয়ে হুগলী জিলাৰ তৰ্কেশ্বৰত সাম্প্ৰদায়িক ভিত্তিত ভোট ভিক্ষা কৰাৰ অভিযোগ কৰি বিজেপি নেতা মুখতাৰ আব্বাছ নকভিয়ে নিৰ্বাচনী আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছিল ৷

EC issues notice to Mamata for seeking votes on 'communal' ground; TMC hits back
মমতা বেনাৰ্জীক নিৰ্বাচনী আয়োগৰ কাৰণ দৰ্শোৱা জাননী

By

Published : Apr 8, 2021, 10:12 AM IST

নিউজ ডেস্ক, 8 এপ্ৰিল :পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ নিৰ্বাচন আয়োগে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে ৷ পশ্চিমবংগত বিধানসভা নিৰ্বাচন চলি থকা সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলিকৈ সাম্প্ৰদায়িক ভিত্তিত ভোট ভিক্ষা কৰা সন্দৰ্ভত নিৰ্বাচনী আয়োগে অভিযোগ তুলি লিখিত স্পষ্টীকৰণ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে । নিৰ্বাচনী পেনেলে বেনাৰ্জীক জাননী প্ৰাপ্ত কৰাৰ 48 ঘণ্টাৰ ভিতৰত স্পষ্টীকৰণ দিয়াৰ নিৰ্দেশ দিয়ে ৷ অন্যথা আয়োগে নিজাববীয়াকৈ সিদ্ধান্ত লোৱাৰ কথা ব্যক্ত কৰে । উল্লেখ্য যে, বিজেপি নেতা মুখতাৰ আব্বাছ নকভিয়ে বেনাৰ্জীৰ বিষয়ে নিৰ্বাচনী আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছিল ৷ নকভিয়ে তেওঁৰ অভিযোগত নন্দীগ্ৰামৰ তৃণমূল প্ৰাৰ্থী তথা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৩ এপ্ৰিলত হুগলী জিলাৰ তৰ্কেশ্বৰত ভাষণ প্ৰদান কৰি মুছলমান ভোটাৰসকলক বিভিন্ন ৰাজনৈতিক দলৰ মাজত তেওঁলোকৰ ভোট বিভাজন হ'বলৈ নিদিবলৈ আহ্বান জনাইছিল বুলি উল্লেখ কৰে ৷

মমতা বেনাৰ্জীক নিৰ্বাচনী আয়োগৰ কাৰণ দৰ্শোৱা জাননী

আয়োগে পশ্চিমবংগৰ মুখ্য নিৰ্বাচনী বিষয়াৰ পৰা মমতাৰ ভাষণৰ এটা প্ৰতিলিপিও লাভ কৰিছে ৷ ভাষণৰ প্ৰাসংগিক অংশত কোৱা হৈছে, "কন্যাশ্ৰী কন্যাশ্ৰী, বিশ্ববিদ্যালয়লৈকে বৃত্তি আছে । অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে শিক্ষাশ্ৰী আছে । সাধাৰণ শ্ৰেণীৰ বাবে স্বামী বিবেকানন্দ বৃত্তি আছে । সংখ্যালঘু সম্প্ৰদায়ৰ মোৰ ভাই-ভনীসকলৰ বাবে আয়াশ্ৰী আছে আৰু মই ২ কোটি আৰু ৩৫ লাখ হিতাধিকাৰীক এই সুবিধা দিছো । মই মোৰ সংখ্যালঘু ভাই-ভনীসকলক হাত জোৰ কৰি অনুৰোধ জনাইছো, বিজেপিৰ পৰা ধন লোৱা চয়তান ব্যক্তিজনৰ কথা শুনি সংখ্যালঘু ভোট বিভাজন নকৰিব । তেওঁ বহুতো সাম্প্ৰদায়িক বিবৃতি দিয়ে আৰু হিন্দু আৰু মুছলমানসকলৰ মাজত সংঘৰ্ষ আৰম্ভ কৰে । তেওঁ বিজেপিৰ এজন প্ৰেৰিত কমৰেড। চিপিএম আৰু বিজেপিৰ কৰ্মীয়ে সংখ্যালঘু ভোট বিভাজনৰ বাবে বিজেপিয়ে দিয়া ধন লৈ ঘূৰি ফুৰিছে ৷"

লগতে পঢ়ক : ত্ৰিপুৰা জিলা পৰিষদৰ নিৰ্বাচনত অভিলেখ সংখ্যক ভোটদান

ABOUT THE AUTHOR

...view details