নেশ্যনেল ডেস্ক, 8 এপ্ৰিল:নিৰ্বাচনী আচৰণ বিধি উলংঘণ কৰাৰ অভিযোগত ভাৰতীয় নিৰ্বাচন আয়োগে পশ্চিম বংগৰ বিজেপি নেতা শুভেন্দু অধিকাৰীক এক জাননী জাৰি কৰিছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, নিৰ্বাচন আয়োগে শুভেন্দু অধিকাৰীক 24 ঘণ্টাৰ ভিতৰত স্পষ্টীকৰণ দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ 29 মাৰ্চত শুভেন্দু অধিকাৰীয়ে কৰা এক মন্তব্যৰ ওপৰত ভিত্তি কৰি নিৰ্বাচন আয়োগে তেওঁলৈ জাননী জাৰি কৰিছে ৷