নিউজ ডেস্ক, ২৯ ডিচেম্বৰ : দেশৰ বিভিন্ন প্ৰান্তত বাস কৰা লোকসকলৰ বাবে এক সুখবৰ । এতিয়াৰে পৰা আৰু ভোট দিবলৈ নিজৰ সমষ্টিলৈ আহিব নালাগে । দেশৰ যিকোনো স্থানৰ পৰাই দিব পাৰিব আপোনাৰ সমষ্টিৰ পছন্দৰ প্ৰাৰ্থীক ভোট । ভাৰতীয় নিৰ্বাচন আয়োগে (Election Commission of India) ঘৰুৱা প্ৰব্ৰজনকাৰী ভোটাৰসকলৰ বাবে ৰিম'ট ইলেক্ট্ৰ'নিক ভোটিং মেচিনৰ (prototype of Remote Electronic Voting Machin, RVM) এটা প্ৰটোটাইপ বিকশিত কৰিছে । উক্ত ভোটিং মেচিনে এটা বুথৰ পৰাই 72 টা সমষ্টিলৈকে ৰিম'টেৰে ভোটদান পৰিচালনা কৰিব পাৰে । আয়োগে বৃহস্পতিবাৰে ৰিম'ট ভোটদানৰ ওপৰত এক ধাৰণা দি এটা টোকা প্ৰকাশ কৰিছে আৰু ইয়াৰ কাৰ্যকৰীকৰণৰ ওপৰত অংশীদাৰসকলৰ পৰা মতামত বিচাৰিছে ।
লগতে ইয়াক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আইনী, প্ৰশাসনিক আৰু কাৰিকৰী প্ৰত্যাহ্বানৰ ওপৰত ৰাজনৈতিক দলবোৰৰ মতামত বিচাৰিছে । নিৰ্বাচন আয়োগে 2023 চনৰ 16 জানুৱাৰীত 8 টা স্বীকৃত ৰাষ্ট্ৰীয় দল আৰু 57 টা অন্য ৰাজনৈতিক দলৰ আটাইকেইটাৰ বাবে আৰভিএমৰ প্ৰদৰ্শন কৰিব আৰু তাৰ বাবে সকলোকে আমন্ত্ৰণ জনাইছে (EC scheduled demonstration of RVM) ।
নিৰ্বাচন আয়োগে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান এটাৰ সৈতে বৰ্তমান নিজৰ নিজৰ ক্ষেত্ৰত দূৰৱৰ্তী স্থানত থকা ঘৰুৱা প্ৰব্ৰজনকাৰীসকলে যাতে নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে তাৰ বাবে এক বহু সমষ্টিভিত্তিক আৰভিএম পৰিচালনা কৰিবলৈ সাজু হৈছে (Multi Constituency RVM for domestic migrants) । অৰ্থাৎ শিক্ষা/নিযুক্তি ক্ষেত্ৰ আদিত তেওঁলোকে থকা বৰ্তমানৰ বাসস্থানৰ পৰাও যাতে তেওঁলোকৰ গৃহ সমষ্টিৰ বাবে ভোটদান কৰিব পাৰে সেই উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।
ইভিএমৰ এই পৰিৱৰ্তিত প্ৰকাৰে এটা দূৰৱৰ্তী ভোটকেন্দ্ৰৰ পৰা ৭২ টালৈকে একাধিক সমষ্টি পৰিচালনা কৰিব পাৰে । এই পদক্ষেপটো কাৰ্যকৰী হ'লে প্ৰব্ৰজনকাৰীসকলৰ বাবে এক সামাজিক পৰিৱৰ্তন হ'ব পাৰে আৰু তেওঁলোকে শিপাৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে । তেওঁলোকে বিভিন্ন কাৰণত তেওঁলোকৰ কৰ্মস্থানত থাকিও যিমানবাৰ প্ৰয়োজন ভোটদানত অংশগ্ৰহণ কৰিব পাৰিব বুলি নিৰ্বাচন আয়োগে কয় ।