নেশ্যনেল ডেস্ক,১৮ জুন :নিৰ্বাচন আয়োগে (Election Commission) ২০১৯ ৰ লোকসভা নিৰ্বাচনক আধাৰ হিচাপে লৈ এক ভূচিত্ৰাৱলী(Atlas) প্ৰকাশ কৰিছে য'ত বৃহৎ নিৰ্বাচনী অনুশীলনৰ সকলো তথ্য আৰু পৰিসংখ্যা সন্নিৱিষ্ট কৰা হৈছে । নিৰ্বাচনৰ বিভিন্ন দিশ দেখুওৱা ৪২ খন বিষয় ভিত্তিক মানচিত্ৰ আৰু ৯০ খন তালিকা থকা এই ভূচিত্ৰাৱলীখন মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰ আৰু নিৰ্বাচন আয়ুক্ত (Election Commissioner) ৰাজীৱ কুমাৰ আৰু অনুপ চন্দ্ৰ পাণ্ডেয়ে ১৫ জুনত মুকলি কৰে ।
ভূচিত্ৰাৱলীখনত ভাৰতীয় নিৰ্বাচন সম্পৰ্কীয় আকৰ্ষণীয় তথ্য, উপাখ্যান আৰু আইনী ব্যৱস্থাসমূহো সন্নিৱিষ্ট কৰা হৈছে । এক চৰকাৰী বিবৃতিত এই কথা কোৱা হৈছে । ১৯৫১-৫২ চনৰ প্ৰথম লোকসভা নিৰ্বাচনৰ পৰা নিৰ্বাচন আয়োগে বৰ্ণনা মূলক আৰু পৰিসাংখ্যিক তথ্যসমূহ কিতাপৰ ৰূপত নিৰ্বাচনী তথ্যৰ সংকলন প্ৰকাশ কৰি আহিছে ।
ভূচিত্ৰাৱলীখনত উল্লেখ থকা মতে ২০১৯ চনত অনুষ্ঠিত সপ্তদশ লোকসভা নিৰ্বাচন মানৱ ইতিহাসৰ সৰ্ববৃহৎ গণতান্ত্ৰিক অনুশীলন আছিল য'ত ভাৰতৰ ৩২ লাখ বৰ্গ কিলোমিটাৰ অঞ্চল বিয়পি থকা ১০.৩৭৮ লাখ ভোটকেন্দ্ৰত ৬১.৪৬৮ কোটি ভোটাৰে অংশগ্ৰহণ কৰিছিল ।