নেশ্যনেল ডেস্ক,৮ জানুৱাৰী :ভাৰত আৰু মালদ্বীপৰ মাজত কূটনৈতিক বিবাদ অব্যাহত আছে । যিটোৱে পৰ্যটন ক্ষেত্ৰতো ব্যাপক প্ৰভাৱ পেলাইছে । ইয়াৰ মাজতে ট্ৰেভেল এজেন্সি কোম্পানী ইজমাইট্ৰিপৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । প্ৰতিষ্ঠানটোৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া নিশান্ত পিট্টিয়ে ভাৰত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে মালদ্বীপৰ ৰাজনৈতিক নেতাই কৰা অপমানজনক মন্তব্যৰ পিচত মালদ্বীপলৈ সকলো বিমান বুকিং স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে ৷ ভাৰতৰ সমৰ্থনত থিয় হৈ নিশান্ত পিট্টিয়ে সামাজিক মাধ্যমত লিখিছে যে দেশৰ সৈতে থিয় দি @EaseMyTripয়ে মালদ্বীপৰ সকলো বিমান বুকিং স্থগিত ৰাখিছে ৷
উল্লেখ্য যে অনলাইন ট্ৰেভেল এজেন্সি ইজমাইট্ৰিপে #ChaloLakshadweep দ্বাৰা লক্ষদ্বীপ ভ্ৰমণৰ এক অভিযান আৰম্ভ কৰিছিল । এক্সৰ এক পোষ্টত তেওঁ লিখিছিল, "লক্ষদ্বীপৰ পানী আৰু সমুদ্ৰতীৰ মালদ্বীপ/চেচেলছৰ দৰেই ভাল, আমি @EaseMyTrip আমাৰ প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকৈ ভ্ৰমণ কৰা এই প্ৰাচীন গন্তব্য স্থানৰ প্ৰচাৰৰ বাবে বিশেষ-প্ৰস্তাৱ আগবঢ়াব !