অসম

assam

ETV Bharat / bharat

Earthquake at Uttarakhand : উত্তৰাখণ্ডত ৪.৫ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি - Earthquake at Uttarakhand

উত্তৰাখণ্ডৰ তেহৰিত দেওবাৰে ৪.৫ প্ৰাবল্যৰ ভূমিকম্প (Earthquake in Tehrit of Uttarakhand) । বৰ্তমানলৈকে ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই । ৰাষ্ট্ৰীয় ভূকম্পন বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰিছে এই তথ্য় ।

Earthquake at Uttarakhand
৪.৫ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰিলে উত্তৰাখণ্ডক

By

Published : Nov 6, 2022, 2:21 PM IST

নেশ্য়নেল ডেস্ক, ৬ নবেম্বৰ:পুনৰ ভূমিকম্পই জোকাৰিলে উত্তৰাখণ্ডক (Uttarkashi earthquake) । ৰাষ্ট্ৰীয় ভূকম্পন বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি উত্তৰাখণ্ডৰ তেহৰিত দেওবাৰে পুৱা ৮:৩৩ বজাত ৪.৫ প্ৰাবল্যৰ ভূমিকম্প হয় । আনহাতে, ৰাষ্ট্ৰীয় ভূকম্পন বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰা মতে, দিল্লীতো মৃদু কম্পনৰ সৃষ্টি হৈছে । বৰ্তমানলৈকে ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই ।

একেটা সূত্ৰই প্ৰকাশ কৰা তথ্য় মতে,ডেৰাডুনৰ পৰা উত্তৰকাশীলৈ ভূমিকম্পৰ জোঁকাৰণি অনুভূত হৈছে (National Center for Seismology) । জিলা সদৰ উত্তৰকাশীকে ধৰি দুন্দা, ভাটৱাড়ী, বাদকোট আৰু নগাঁও অঞ্চলত এনে কম্পন অনুভৱ হৈছে ।

ইপিনে, মৌচুৰীতো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছে (Earthquake tremors in many areas of Uttarakhand) । একে সময়তে, বাদকোটৰ যমুনাঘাটিত প্ৰায় ৫ ছেকেণ্ডৰ বাবে ভূমিকম্পৰ তীব্ৰতা অনুভৱ কৰা হৈছে বুলি ৰাষ্ট্ৰীয় ভূকম্পন বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰিছে । নেচনেল চেণ্টাৰ ফৰ চিচমোলজীয়ে টুইটাৰত এই সন্দৰ্ভত কয়, "পুৱা ৮:৩৩ বজাত ৪.৫ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হৈছিল । ইয়াৰ গভীৰতা ৫ কিলোমিটাৰ । আনহাতে, ইয়াৰ অৱস্থান আছিল ৩০.৬৭ অক্ষাংশ আৰু ৭৮.৬০ দ্ৰাঘিমাংশ ।"

ইপিনে, ভূ-বিজ্ঞানীসকলে এই অঞ্চলটোত এক ডাঙৰ ভূমিকম্প হ'ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে । বিজ্ঞানীসকলে এইবুলি উল্লেখ কৰিছে যে দীৰ্ঘদিন ধৰি হিমালয় অঞ্চলৰ এই অংশত কোনো ডাঙৰ ভূমিকম্প হোৱা নাই ।

উল্লেখ্য় যে, হিমালয়ৰ টেকটনিক প্লেটৰ পৰিৱৰ্তনৰ বাবে ইয়াত বেছিকৈ কম্পন হয় । হিমালয়ৰ তলত দিনে-নিশাই চলাচলৰ ফলত পৃথিৱীৰ ওপৰত চাপ বৃদ্ধি হোৱাত ভূমিকম্পৰ ৰূপ লয় । উত্তৰাখণ্ড অঞ্চলক কেন্দ্ৰীয় ভূমিকম্পৰ ব্যৱধান বুলিও জনা যায় । ১৯৯১ চনত উত্তৰকাশীত ৭ প্ৰাবল্যৰ ভূমিকম্প হৈছিল । আনহাতে, ১৯৯৯ চনত চামোলীত ৬.৮ ৰিখটাৰ স্কেলত ভূমিকম্প হোৱাৰ পিছত কোনো ডাঙৰ ভূমিকম্প হোৱা নাই । সেয়েহে বিজ্ঞানীসকলে এই অঞ্চলটোত ডাঙৰ ভূমিকম্প হ'ব পাৰে বুলি আশংকা কৰিছে ।

লগতে পঢ়ক:Shweta Bachchan: বিয়াৰ পাচত ৩ হাজাৰ টকা বেতনত শিক্ষকতা কৰিছিল অমিতাভ বচ্চনৰ কন্যা শ্বেতাই

ABOUT THE AUTHOR

...view details