নেশ্যনেল ডেস্ক, ১২ ছেপ্টেম্বৰ :সোমবাৰে নিশা হঠাৎ কঁপি উঠিল মণিপুৰ ৷ তথ্য অনুসৰি, সোমবাৰে নিশা ১১.১ বজাত মণিপুৰৰ উখৰুল জিলাত এক ভূমিকম্প অনুভূত হয় । ৰাষ্ট্ৰীয় ভূমি কম্পবিজ্ঞান কেন্দ্ৰ (NSC)ৰ তথ্য অনুসৰি এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.১ ৷
ভূমিৰ পৰা ২০ কিলোমিটাৰ গভীৰতাত সংঘটিত হয় এই ভূমিকম্প । ইফালে, ইয়াৰ পূৰ্বে সোমবাৰে পুৱতি নিশা বংগ উপসাগৰত ৪.৪ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হৈছিল । ৭০ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ উৎপত্তি স্থল বুলি উল্লেখ কৰিছে ভূমি কম্পবিজ্ঞান কেন্দ্ৰই ।
সকলোৰে জ্ঞাত যে, যোৱা ৮ ছেপ্টেম্বৰত নিশা ১১:১৫ বজাত মৰক্কোত এক ভয়াৱহ ভূমিকম্পৰ ঘটনা সংঘটিত হৈছিল । শেহতীয়া তথ্য অনুসৰি, এই ভূমিকম্পত ২৮০০ ৰো অধিক লোকৰ মৃত্যু হৈছে । লগতে আহত হৈছে সহস্ৰাধিক লোক ৷ আনুমানিক ডেৰ হাজাৰৰো অধিক লোক আহত হৈছে মৰক্কোৰ ভূমিকম্পত ৷ ইফালে প্ৰতি মুহূৰ্ততে বৃদ্ধি পাইছে মৰক্কোৰ ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ।