নেশ্যনেল ডেস্ক, 20 নৱেম্বৰ : সোমবাৰে পুৱাই কঁপি উঠিল মায়া নগৰী মুম্বাই ৷ সোমবাৰে পুৱা মহাৰাষ্ট্ৰৰ হিংগোলী অঞ্চলত অনুভূত হয় ভূ কম্পন । অৱশ্যে ইয়াৰ তীব্ৰতা কম আছিল । এই ভূ কম্পনৰ ফলত বৰ্তমানলৈকে কোনো ধৰণৰ সা-সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ পোৱা নাই । লগতে হতাহত হোৱা নাই কোনো লোক ৷
কিন্তু এই ভূমিকম্পৰ ফলত অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰা দেখিবলৈ পোৱা যায় । এই কম্পনৰ তীব্ৰতা কম হোৱাৰ বাবে বহুতে আকৌ অনুভৱো কৰা নাছিল । তথ্য অনুসৰি আজি অৰ্থাৎ সোমবাৰে পুৱা ৫.০৯ বজাত মহাৰাষ্ট্ৰৰ হিংগোলী অঞ্চলত ভূমিকম্পৰ সৃষ্টি হয় ।
ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰ (এন চি এছ) ৰ তথ্য অনুসৰি ভূগৰ্ভস্থ ৫ কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল । ইয়াৰ প্ৰাবল্য আছিল ৩.৫ ৷ অধিকাংশ লোক শুই থকাৰ বাবে পুৱা ভূমিকম্পৰ অনুভৱ কৰা নাছিল । অৱশ্যে একাংশ লোকে এই ভূমিকম্পৰ কঁপনি ভালদৰে অনুভৱ কৰিছিল । কিছু লোকে আকৌ ভয়ত বিতত হৈ ঘৰৰ পৰা দৌৰি মুকলি স্থানলৈ ওলাই আহিছিল ।