নিউজ ডেস্ক, 18ছেপ্টেম্বৰ :পুনৰ প্ৰৱল ভূমিকম্পই জোঁকাৰি গ'ল টাইৱানক (Earthquake in Taiwan)। দেওবাৰে পুৱা টাইৱানৰ য়ুজিঙত ৰিখটাৰ স্কেলত ৭.২ প্ৰাবল্যৰ ভূমিকম্পৰ জোঁকাৰণি অনুভূত হয় । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূ-তাত্বিক জৰীপ(US Geological Survey)বিভাগে এই সন্দৰ্ভত উল্লেখ কৰা অনুসৰি দেওবাৰে টাইৱানৰ য়ুজিঙৰ( Earthquake in Yujing of Taiwan)পৰা ৮৫ কিলোমিটাৰ পূবত ৭.২ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্প সংঘটিত হয় । অৱশ্য়ে হতাহত বা ক্ষয়ক্ষতিৰ কোনো প্ৰাথমিক তথ্য় লাভ কৰা হোৱা নাই বুলি ভূ-তাত্বিক জৰীপ বিভাগে সদৰী কৰিছে ।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূ-তাত্বিক জৰীপে পুনৰ কয় যে, উপকূলীয় চহৰ টাইটুঙৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ উত্তৰে ৬.৫ প্ৰাবল্যৰ ভূমিকম্পৰ ঠিক এদিন পিছতে নিশা ৯:৩০ বজাত (১৩:৩০ জিএমটি) ভূমিকম্পটো সংঘটিত হয় । ইপিনে, টাইৱানৰ এক সংবাদ মাধ্যমৰ (Taiwanese media expressed) প্ৰতিবেদন অনুসৰি,ভূমিকম্পৰ কেন্দ্ৰস্থলৰ ওচৰত এটা দুমহলীয়া আৱাসিক অট্টালিকা খহি পৰে ।
উল্লেখ্য় যে, ৰাজধানী টাইপেইৰ দ্বীপটোৰ(Taipeis island) উত্তৰ প্ৰান্তত কম্পন অনুভৱ কৰা হৈছিল ।