নিউজ ডেস্ক, 5জানুৱাৰী: ৰিখটাৰ স্কেলত 5.8 প্ৰাৱল্যৰ ভূমিকম্পই(An earthquake with a magnitude of 5.8 ) জোকাৰি গ’ল নতুন দিল্লী, জম্মু-কাশ্মীৰকে ধৰি আন বহুকেইটা অঞ্চল(Earthquake in Delhi, Jammu and kashmir) ৷ বৃহস্পতিবাৰে বিয়লি প্ৰায় 7 বাজি 58 মিনিটত অনুভূত হয় এই ভূমিকম্প ৷ উল্লেখ্য যে, এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল আফগানিস্তানৰ দক্ষিণে 79 কিলোমিটাৰ নিলগত অৱস্থিত ফাইজাবাদত(earthquake shakes Afghanistan) ৷ ভূ-পৃষ্ঠৰ পৰা 200 কিলোমিটাৰ গভীৰত আছিল এই ভূমিকেন্দ্ৰৰ উৎপত্তিস্থল ৷ নেচনেল চেণ্টাৰ ফৰ চিচম’লজীয়ে সদৰী কৰিছে এই কথা ৷
অৱশ্যে এই মূহুৰ্তলৈকে কোনো এটা অঞ্চলৰে পৰা অহা নাই ক্ষয়-ক্ষতিৰ খবৰ ৷ দেওবাৰে দিল্লীত অনুভূত হৈছিল 3.8 প্ৰাৱল্যৰ ভূমিকম্প ৷ ইয়াৰ পূৰ্বে 12 নৱেম্বৰত দিল্লীৰ লগতে চুবুৰীয়া ৰাজ্য নেপালতো অনুভূত হৈছিল ভূমিকম্প ৷ অৱশ্যে এইকেইটা ভূমিকম্পত কোনো লোকৰে ক্ষয়-ক্ষতি হোৱা নাই ৷