নেশ্যনেল ডেস্ক, ১৩ এপ্ৰিল :কেইবা দশক ধৰি ভাৰতৰ বিৰুদ্ধে সীমান্তৰ সীপাৰৰ পৰা সন্ত্ৰাসবাদত লিপ্ত শক্তিবোৰে এতিয়া বুজি উঠিছে যে, বৰ্তমান ই এক পৃথক ভাৰত । যিয়ে তেওঁলোকক প্ৰত্যুত্তৰ দিব পাৰে । এই মন্তব্য বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ । তেওঁ দাবী কৰা মতে আজি দেশখনে পাকিস্তান আৰু চীনৰ দ্বাৰা ৰাষ্ট্ৰীয় নিৰাপত্তা প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব পাৰে । বুধবাৰে উগাণ্ডাত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰি জয়শংকৰে দেশখনক নতুন ভাৰতলৈ ৰূপান্তৰ কৰাৰ বিষয়ে উল্লেখ কৰে (EAM Jaishankar address Indian community in Uganda)।
২০১৬ চনত পাকিস্তানৰ জৈইচ-ই-মহম্মদে ভাৰতীয় সেনা ব্ৰিগেডৰ মুখ্য কাৰ্যালয়ত কৰা উৰি আক্ৰমণ (Uri attack) আৰু ২০১৯ চনত পাকিস্তানৰ বালাকোটত ভাৰতীয় যুদ্ধ বিমানে সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণ শিবিৰৰ বিৰুদ্ধে চলোৱা বালাকোট বিমান আক্ৰমণৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে (2019 Balakot airstrike)। তেওঁৰ মতে যোৱা তিনি বছৰ ধৰি চুক্তি উলংঘা কৰি চীনাসকলে বৃহৎ বাহিনী সীমান্তত মোতায়েন কৰিছে । ঠিক তেনেদৰে আজি ভাৰতীয় সামৰিক বাহিনীও শীৰ্ষ উচ্চতাত আৰু অতি কঠিন পৰিস্থিতিত মোতায়েন কৰা হৈছে ।
মন্ত্ৰীগৰাকীৰ মতে বৰ্তমানৰ পৰিস্থিতি পূৰ্বতকৈ পৃথক কিয়নো ভাৰতীয় সৈন্যসকলৰ এতিয়া সম্পূৰ্ণ সমৰ্থন আছে । সেনা বাহিনীৰ ওচৰত সঠিক সঁজুলি আৰু আন্তঃগাঁথনি আছে (EAM on strength of Indian Army)। অৱশ্যে তেওঁ স্বীকাৰ কৰিছে যে, চীনৰ সৈতে সীমান্তত আন্তঃগাঁথনি বিকাশৰ বাবে আৰু অধিক কাম কৰিব লাগিব কিয়নো অতীতত ইয়াক অৱহেলা কৰা হৈছিল । তেওঁ লগতে কয় যে, ভাৰতৰ নীতিসমূহক কোনো বাহিৰৰ চাপে এতিয়া প্ৰভাৱিত কৰিব নোৱাৰে ।
তেওঁৰ মতে ভাৰতে তেল ক'ৰ পৰা ক্ৰয় কৰিব লাগে আৰু ভাৰতৰ তেল ক'ত বিক্ৰী কৰিব লাগে উপভোক্তাৰ স্বাৰ্থত সেয়া কৰিব । তাত কোনেও হেঁচা প্ৰয়োগ কৰিব নোৱাৰে । ইউক্ৰেইন আক্ৰমণৰ বাবে ৰাছিয়াক সমালোচনা কৰা হৈছে যদিও ভাৰতে ৰেহাইত উপলব্ধ ৰাছিয়াৰ তেল ক্ৰয় কৰা অব্যাহত ৰাখিছে ।