নেশ্যনেল ডেস্ক, ৫ মে': ক'ভিড-১৯ মহামাৰীয়ে ভাৰতত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে বিশ্বৰ বহু কেইখন দেশে সহায়ৰ হাত আগবঢ়াইছে । বৰ্তমান ভাৰতত চিকিৎসা অক্সিজেনৰ অভাৱে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । সেয়ে, ৰেড ক্ৰছ ছ'চাইটিৰ উদ্যোগত আমেৰিকাকে ধৰি কেইবাখনো দেশে ভাৰতলৈ সহায় আগবঢ়াইছে ।
ইয়াৰ মাজতে ক'ভিড সৃষ্ট পৰিস্থিতি নিয়ন্ত্ৰণত ভাৰত চৰকাৰ ক্ষমতাক লৈ একাংশই প্ৰশ্ন উত্থাপন কৰিছে । এক সংবাদ গোষ্ঠীৰে হোৱা সাক্ষাৎকাৰত এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কয় যে, ক'ভিড-১৯ বৰ্তমান সমগ্ৰ বিশ্বৰ বাবে এক ভয়াৱহ সমস্যা । ঔষধৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে, ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰ, ছিংগাপুৰ আৰু বহু কেইখন ইউৰোপীয় দেশক হাইড্ৰ'ক্সিক্ল'ৰ'কুইন দিছিল ।