নিউজ ডেস্ক, ৬ ছেপ্টেম্বৰ :বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মঙলবাৰে ব্ৰিটিছ বৈদেশিক সচিব লিজ ট্ৰাছক ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনায় (S Jaishankar congratulated PM Liz Truss)। জয়শংকৰে টুইটাৰযোগে জনোৱা তেওঁৰ অভিনন্দন বাৰ্তাত লিখিছে, তেওঁৰ নেতৃত্বত ভাৰত-ব্ৰিটেইনৰ বন্ধুত্ব অধিক শক্তিশালী হ'ব (New Prime Minister of UK Liz Truss) ।
"ব্ৰিটেইনৰ কনজাৰ্ভেটিভ পাৰ্টীৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ বাবে লিজ ট্ৰাছক অভিনন্দন (UK Conservative Party leader Liz Truss)। ভাৰত-ব্ৰিটেইনৰ সহযোগিতাক উচ্চ স্তৰলৈ উন্নীত কৰোৱাৰ বাবে আপোনাৰ প্ৰতিশ্ৰুতি সকলোৱে জানে । আপোনাৰ নেতৃত্বত আমাৰ সম্পৰ্ক আৰু অধিক বৃদ্ধি পাব বুলি আত্মবিশ্বাসী ।" জয়শংকৰে টুইটত এনেদৰে কয় ।
উল্লেখ্য, আজি লিজ ট্ৰাছক কনজাৰ্ভেটিভ পাৰ্টীৰ নতুন মুৰব্বী হিচাপে ঘোষণা কৰা হয় (Liz Truss announced new head of Conservative Party) । ৪৭ বছৰীয়া লিজ ট্ৰাছ ব্ৰিটেইনৰ তৃতীয়গৰাকী মহিলা প্ৰধানমন্ত্ৰী (3rd female PM of UK Liz Truss) । তেওঁ সকলো কনজাৰ্ভেটিভ দলৰ সদস্যৰ ডাক বেলটৰ জৰিয়তে ঋষি ছুনকক পৰাস্ত কৰে । ট্ৰাছে ৮১,৩২৬ টা ভোট লাভ কৰাৰ বিপৰীতে ছুনকে ৬০,৩৯৯ টা ভোট লাভ কৰে (Liz Truss defeated Rishi Sunak) ।
"কনজাৰ্ভেটিভ পাৰ্টীৰ নেতা নিৰ্বাচিত হোৱাৰ বাবে মই সন্মানিত । আমাৰ মহান দেশৰ নেতৃত্ব আৰু সেৱাৰ বাবে মোৰ ওপৰত আপোনালোকৰ বিশ্বাস ৰখাৰ বাবে আপোনালোকক ধন্যবাদ । এই কঠিন সময়বোৰৰ মাজেৰে আমাৰ প্ৰাপ্তি অৰ্জন কৰিবলৈ, আমাৰ অৰ্থনীতি বৃদ্ধি কৰিবলৈ আৰু ব্ৰিটেইনৰ সম্ভাৱনা কঢ়িয়াই আনিবলৈ মই সাহসী পদক্ষেপ ল'ম ।" ট্ৰাছে এক টুইটাৰ বাৰ্তাত লিখে ।