নেশ্যনেল ডেস্ক, 15 অক্টোবৰ: শনিবাৰে বিশ্বকাপ ক্ৰিকেটত ভাৰত-পাকিস্তানৰ মাজত চলি থকা উত্তেজনাময় খেলখনৰ সময়ত ইজৰাইলৰ প্ৰতি দেখুওৱা সংহতি বাবে ভাৰতক কৃতজ্ঞতা জনায় ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত নাওৰ গিলনে ।
গিলনে তেওঁলোকৰ প্ৰধান প্ৰতিদ্বন্দ্বী দলৰ বিৰুদ্ধে ভাৰতে জয় লাভ কৰাত আনন্দ প্ৰকাশ কৰে । গিলনে X যোগে উল্লেখ কৰে, "#CWC23 ত #INDvsPAKমেচত #India বিজয়ী হোৱাত আমি সুখী আৰু পাকিস্তানে নিজৰ জয় হামাছৰ সন্ত্ৰাসবাদীৰ নামত উৎসৰ্গিত কৰিব নোৱাৰিলে । মেচৰ সময়ত ভাৰতীয় বন্ধুসকলে পোষ্টাৰ প্ৰদৰ্শন কৰি ইজৰাইলৰ সৈতে সংহতি প্ৰদৰ্শন কৰা কাৰ্যই আমাক সঁচাকৈয়ে আপ্লুত কৰিছিল ।"
প্ৰথম ইনিংছত পাকিস্তানে মুঠ 191 ৰান সংগ্ৰহ কৰে যিটো ৰোহিত শৰ্মাৰ শক্তিশালী 86 আৰু শ্ৰেয়াছ আয়াৰৰ অপৰাজেয় ক্লাছিক 53ৰ পিচত ভাৰতীয় দলৰ বিজয় সহজ হৈ পৰিছিল । ইয়াৰ পূৰ্বে পাকিস্তানৰ ক্ৰিকেটাৰ মহম্মদ ৰিজৱানে শেহতীয়া শ্ৰীলংকাৰ বিৰুদ্ধে পাকিস্তানৰ জয় গাজাৰ জনসাধাৰণৰ বাবে উৎসৰ্গা কৰিছিল । বুধবাৰে ৰিজৱানে টুইট কৰি কয় , "এই বিজয় গাজাৰ ভাই-ভনীসকলৰ নামত উৎসৰ্গিত ।"