নেশ্যনেল ডেস্ক,৬ অক্টোবৰ :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বৰ বিজেপি চৰকাৰৰ বৃহৎ পদক্ষেপ । ১ লাখ ৭১ হাজাৰ হিতাধিকাৰীক চৰকাৰে বিতৰণ কৰিলে ই-সম্পত্তি কাৰ্ড (e-property card) । বুধবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে SVAMITVA আঁচনিৰ অধীনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Prime Minister Narendra Modi) প্ৰদান কৰে এই কাৰ্ডখিনি ।
আঁচনিখনৰ হিতাধিকাৰীসকলৰ সৈতেও বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । মধ্য প্ৰদেশত বিতৰণ কৰা হৈছে এই কাৰ্ড সমূহ ৷ এই অনুষ্ঠানত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানো (Chief Minister Shivraj Singh Chouhan) উপস্থিত থাকে । SVAMITVA হৈছে পঞ্চায়তি ৰাজ মন্ত্ৰালয়ৰ এক কেন্দ্ৰীয় খণ্ডৰ আঁচনি যাৰ উদ্দেশ্য হৈছে গ্ৰাম্য বসতিপূৰ্ণ অঞ্চলৰ বাসিন্দাসকলক সম্পত্তিৰ অধিকাৰ প্ৰদান কৰা । এই আঁচনিৰ দ্বাৰা নগৰাঞ্চলৰ দৰে ঋণ আৰু অন্যান্য বিত্তীয় সুবিধাৰ বাবে গাওঁবাসীয়ে নিজৰ সম্পত্তিক বিত্তীয় সম্পদ হিচাপে ব্যৱহাৰ কৰিব পাৰিব ।