নিউজ ডেস্ক,৪ ছেপ্টেম্বৰ :ই-কমাৰ্চৰ আগশাৰীৰ প্ৰতিষ্ঠান আমাজনে সোমবাৰে কয় যে তেওঁলোকৰে ভাৰতত প্ৰকৃতিভিত্তিক প্ৰকল্পত ৩ নিযুত আমেৰিকান ডলাৰৰ প্ৰাৰম্ভিক বিনিয়োগ কৰিব । এই আৱণ্টন এছিয়া প্ৰশান্ত মহাসাগৰত প্ৰকৃতিভিত্তিক প্ৰকল্পৰ বাবে আৱণ্টন কৰা কোম্পানীৰ ১৫ নিযুত আমেৰিকান ডলাৰৰ পুঁজিৰ অংশ ।
কোম্পানীটোৱে এক বিবৃতিত কয় যে প্ৰথম প্ৰকল্পৰ অধিনত আমাজনে পশ্চিম ঘাটসমূহত সম্প্ৰদায় আৰু সংৰক্ষণ প্ৰচেষ্টাক সমৰ্থন কৰিবলৈ বন্যপ্ৰাণী অধ্যয়ন কেন্দ্ৰৰ (চিডব্লিউএছ) সৈতে কাম কৰিব । যিটো অঞ্চল ভাৰতৰ সকলো বন্যপ্ৰাণী প্ৰজাতিৰ ৩০ শতাংশতকৈও অধিক প্ৰজাতিৰ বাসস্থান । তাৰ ভিতৰত আছে বিশ্বৰ সৰ্বাধিক বন্য এছিয়া হাতী আৰু বাঘ ।
বিবৃতি অনুসৰি আমাজনে চিডব্লিউএছক "ৱাইল্ড কাৰ্বন" কাৰ্যসূচী স্থাপনত সহায় কৰিবলৈ ১ নিযুত আমেৰিকান ডলাৰ প্ৰদান কৰিব । ইয়াৰ দ্বাৰা ১০,০০০ কৃষকক এক নিযুত ফল-মূলৰ গছ, কাঠ আৰু ঔষধি গছ ৰোপণ আৰু ৰক্ষণাবেক্ষণত সহায় কৰিব । বিবৃতিত আমাজনে কয় যে এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত বিশাল অৰণ্য আৰু সমৃদ্ধ উপকূলীয় পৰিৱেশ আছে, কিন্তু ই জলবায়ু পৰিৱৰ্তন, জৈৱ বৈচিত্ৰ্যৰ ক্ষতি আৰু ভূমিৰ অৱক্ষয়ৰ বাবেও যথেষ্ট অসুৰক্ষিত ।
অঞ্চলটোক জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ পৰা সুৰক্ষিত কৰিবলৈ আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰিবলৈ বৃহৎ পৰিমাণৰ স্থানীয় পদক্ষেপৰ প্ৰয়োজন হ'ব আৰু আমাজনে এইক্ষেত্ৰত বিনিয়োগ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । ১৫ নিযুত আমেৰিকান ডলাৰ আৱণ্টন আমাজনৰ ১০০ নিযুত আমেৰিকান ডলাৰ ৰাইট নাও ক্লাইমেট ফাণ্ডৰ পৰা আহৰণ কৰা হৈছে ।