নিউজ ডেস্ক, ৩০ এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে পৰিয়ালতান্ত্ৰিক কংগ্ৰেছ আৰু জেডিএছৰ বিৰুদ্ধে জনসাধাৰণক সতৰ্ক কৰি কয় যে, কৰ্ণাটকত ৰাজনৈতিক অস্থিৰতাৰ বাবে দুয়োটা দলেই দায়ী (Modi slams congress for political instability in Karnataka) । মোডীয়ে লগতে অভিযোগ কৰে যে, দুয়োটা দলে কৰ্ণাটকক এটিএম হিচাপে প্ৰত্যক্ষ কৰে আৰু তেওঁলোকে অস্থিৰতাৰ সুযোগ লৈছে (Modi attack congress and JDS in Karnataka) ।
"অস্থিৰতাৰ বাবে কংগ্ৰেছ আৰু জেডিএছ দায়বদ্ধ (Karnataka Assembly election 2023) । তেওঁলোকে দুটা পৃথক দল হোৱাৰ ভাও লয়, কিন্তু তেওঁলোকৰ হৃদয়ত একেটাই কথা । তেওঁলোক দিল্লীত একেলগে আছে । তেওঁলোকে সংসদত ইজনে সিজনক সহায় কৰে ।" মোডীয়ে কৰ্ণাটকৰ ৰামনগৰ জিলাৰ চান্নাপাটনাত এখন ৰাজহুৱা সভাত এই কথা কয় । উল্লেখ্য, এই সমষ্টিটো হৈছে জেডিএছৰ দুৰ্গ ।
এই সমষ্টিটোতেই জেডিএছৰ ছেকেণ্ড-ইন-কমাণ্ড এইচ ডি কুমাৰস্বামীয়ে ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থী চি পি যোগেশ্বৰক পৰাস্ত কৰি জয়লাভ কৰিছিল । তেওঁ পুনৰ সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । আনহাতে, কংগ্ৰেছ আৰু জেডিএছ দুয়োটা প্ৰতিদ্বন্দ্বী দলৰ বিৰুদ্ধে আক্ৰমণ অব্যাহত ৰাখি মোডীয়ে কয়, "দুয়োটায়ে পৰিয়ালতান্ত্ৰিক দল আৰু দুৰ্নীতিক উদগনি দিয়ে । দুয়োটা দলেই অস্থিৰতাৰ সুযোগ ল'ব বিচাৰিছে ।"