আগৰতলা,১৮ নৱেম্বৰ :সমাগত ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচন (Municipal election) । নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো ৰাজনৈতিক দল ব্যস্ত হৈ পৰিছে । তাৰ মাজতে চিপিআই(এম) দলৰ যুৱ সংগঠনকে ধৰি ডিৱাইএফআই (DYFI) আৰু টিৱাইএফয়ে (TYF) বুধবাৰে এক বিশাল শোভাযাত্ৰা উলিয়াই । চিপিআই (এম) দলৰ সমৰ্থনত আগৰতলাত এই শোভাযাত্ৰা উলিওৱা হয় ।
শোভাযাত্ৰাত সংগঠনকেইটাৰ বহু নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে । কাৰ্যসূচীত ভাগ লৈ ডিৱাইএফআইৰ (DYFI) ৰাজ্যিক সম্পাদক নবাৰুণ দেৱে বিজেপি-আইপিএফটি (BJP-IPFT) চৰকাৰক তীব্ৰ সমালোচনা কৰে । তেওঁৰ অভিযোগ মিত্ৰজোঁট চৰকাৰে যোৱা ৪৩ মাহ ধৰি ৰাজ্যখনত কেৱল সন্ত্ৰাসবাদক আশ্ৰয় দি আহিছে ।
তেওঁৰ মতে ৰাজ্যত এতিয়া নিযুক্তিৰ অভাৱ (Employment problem), খাদ্যৰ নাটনি (food shortage) আৰু গণতন্ত্ৰ শূন্য হৈ পৰিছে ত্ৰিপুৰা । সেয়েহে, এই শোভাযাত্ৰাৰ জৰিয়তে গণতন্ত্ৰৰ পুনৰুদ্ধাৰ আৰু খাদ্যৰ নাটনি সম্পৰ্কে জনসাধাৰণক সজাগ কৰাৰ চেষ্টা কৰা হৈছে ৷ বাওঁ মৰ্চাৰ প্ৰাৰ্থীসকলে আগন্তুক নিৰ্বাচনত যাতে জয়ী হ'ব পাৰে তাৰ বাবে ৰাইজক আহ্বান জনোৱা হৈছে । তেওঁৰ মতে মিত্ৰজোঁট চৰকাৰে ৰাইজক একো দিব পৰা নাই । তেওঁলোকে দিয়া প্ৰতিশ্ৰুতিবোৰো পালন কৰা হোৱা নাই ।