অসম

assam

ETV Bharat / bharat

Self styled godman : ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ স্বয়ম্ভূ ভগৱান বিনোদ কাশ্যপ - মাতা মাছানী চৌকী দৰবাৰ

ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ কৰা হ’ল ৰাজধানী চহৰ দিল্লীৰ স্বয়ম্ভূ ভগৱান বিনোদ কাশ্যপক ৷ ভাৰতীয় দণ্ডবিধিৰ 376 (ধৰ্ষণ) আৰু 506 (ফৌজদাৰী ভাবুকি) ধাৰাত দুটা গোচৰ ৰুজু কৰি দিল্লীৰ স্বয়ম্ভূ ভগৱান বিনোদ কাশ্যপক গ্ৰেপ্তাৰ কৰে । অভিযোগ সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত অভিযান ৷

Self-styled godman arrested in Delhi for sexual assault
ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ হ’ল স্বয়ম্ভূ ভগৱান বিনোদ কাশ্যপ

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 1:43 PM IST

নেশ্যনেল ডেস্ক, 11 অক্টোবৰ: ৰাজধানী চহৰ দিল্লীৰস্বয়ম্ভূ ভগৱান বিনোদ কাশ্যপ ধৰ্ষণৰ গোচৰত অভিযুক্ত ৷বুধবাৰে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত প্ৰকাশ কৰা অনুসৰি মহিলাসকলক তেওঁলোকৰ সমস্যাত সহায় কৰাৰ অজুহাতত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত 33 বছৰীয়া স্বয়ম্ভূ ভগৱান বিনোদক গ্ৰেপ্তাৰ কৰা হৈছে । সমস্যা সম্বন্ধীয় নিদান আগবঢ়োৱাৰ সমান্তৰালভাৱে ইউটিউব চেনেলও চলোৱা বিনোদ কাশ্যপক দ্বাৰকা উত্তৰ থানাত পঞ্জীয়ন হোৱা যৌন নিৰ্যাতনৰ দুটা অভিযোগৰ সৈতে জড়িত হোৱাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছে বুলি দ্বাৰকাৰ উপ-আয়ুক্ত এম হৰ্ষ বৰ্ধনে জানিবলৈ দিয়ে ।

বিষয়াগৰাকীয়ে কয়, "বিনোদে কাকৰোলা অঞ্চলত মাতা মাছানী চৌকী দৰবাৰ চলাই আছিল । তেওঁ এটা ইউটিউব চেনেলও চলাইছিল, যিটোৰ যথেষ্ট অনুৰাগী থকা দেখিবলৈ পোৱা গৈছে । দুয়োটা গোচৰতে অভিযোগ কৰা হৈছিল যে তেওঁ মহিলা ভক্তসকলক তেওঁলোকৰ সমস্যাত সহায় কৰাৰ অজুহাতত ফোন কৰি কৈছিল যে তেওঁলোকে 'গুৰু সেৱা' কৰিব লাগিব । তাৰ পিছত তেওঁ মহিলাসকলক যৌন নিৰ্যাতন চলাইছিল আৰু ঘটনাটো প্ৰকাশ নকৰিবলৈ ভাবুকি প্ৰদান কৰিছিল মহিলাসকলক।"

আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ 376 (ধৰ্ষণ) আৰু 506 (ফৌজদাৰী ভাবুকি) ধাৰাত দুটা গোচৰ ৰুজু কৰি দিল্লীৰস্বয়ম্ভূ ভগৱান বিনোদ কাশ্যপক গ্ৰেপ্তাৰ কৰে । ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখা হৈছে বুলিও বৰ্ধনে লগতে কয় ।

চলিত বৰ্ষৰ জুলাই মাহত থানে জিলাৰ এজন 35 বছৰীয়া স্বয়ম্ভূ গডমেনক মুম্বাই আৰক্ষীয়ে এগৰাকী মহিলাক অশুভ আত্মা আৰু জীৱনৰ দুখ-কষ্টৰ পৰা মুক্ত কৰাত সহায় কৰাৰ অজুহাতত ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল । থানেৰ স্ব-ঘোষিত ভগৱানজনে 2016 চনৰ পৰা বিভিন্ন ধৰণে ভুক্তভোগী মহিলাগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল ।

লগতে পঢ়ক:Assam wrestling team:পাটনা ৰে’ল ষ্টেচন হঠাৎ অসুস্থ অসমৰ 6 মহিলা খেলুৱৈ

For All Latest Updates

ABOUT THE AUTHOR

...view details