আগৰতলা, ২২ অক্টোবৰ: ত্ৰিপুৰাত গাঞ্জাসহ দুই সৰবৰাহকাৰীক আটক কৰা হয় (Ganja and two smugllers arrested in Tripura) ৷ শুকুৰবাৰে অসম ৰাইফলছ আৰু ত্ৰিপুৰা আৰক্ষীৰ যুটীয়া সহযোগত পশ্চিম পানীসাগৰ উপ-বিভাগত এক অভিযান চলায় ৷ এই অভিযানত অভিযানকাৰী দলটোৱে ২৫ লাখ টকাৰ গাঞ্জা উদ্ধাৰ কৰাৰ লগতে দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে (Duo held by Assam Rifle with cannabis in Tripura) ৷
অসম ৰাইফলছৰ এক প্ৰেছ বিবৃতি অনুসৰি, ২১ চেক্টৰ অসম ৰাইফলছৰ ৰাধানগৰ বেটেলিয়নে ২১ অক্টোবৰত পানীসাগৰ আৰক্ষী থানাৰ অধীনত পশ্চিম পানীসাগৰৰ ২ নং ৱাৰ্ডৰ পৰা প্ৰায় ২৫ লাখ টকাৰ ৬২ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰে ৷ এক গোপন তথ্যৰ পম খেদি ৰাধানগৰ বেটেলিয়ন আৰু পানীসাগৰ আৰক্ষী থানাৰ সহযোগত অসম ৰাইফলছৰ এটা দলে এক যুটীয়া অভিযান আৰম্ভ কৰিছিল । আটকাধীন সৰবৰাহকাৰী দুটা হ’ল ৰতনমণি নাথ আৰু বিমোল চাকমা ৷
লগতে পঢ়ক:Wood smuggling at Rangia: ৰঙিয়াত কাঠৰ চোৰাং সৰবৰাহত জড়িত সেনা জোৱান