নিউজ ডেস্ক, 6 অক্টোবৰ :বিগত কেইবাদিনো ধৰি কৰ্ণাটকৰ বিভিন্ন জিলাত অব্যাহত আছে প্ৰবল বৃষ্টিপাত ৷ এই বৃষ্টি পাতৰ মাজতে এটা বিল্ডিং ভাগি পৰাৰ ফলত ভয়ংকৰ অঘটন সংঘটিত হৈছে ৰাজ্যখনৰ বেলগাভি জিলাৰ বাদালা আংকালাগি গাঁৱত ৷ বুধবাৰে বিয়লি সংঘটিত হয় এই ঘটনা ৷
বিল্ডিংটো ভাগিপৰাৰ ফলত থিতাতে নিহত হয় ঘৰটোত থকা পাঁচ গৰাকী আবাসী ৷ ধ্বংসস্তূপৰ মাজৰ পৰা আন তিনিগৰাকী লোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও তাৰে দুগৰাকীয়ে মৃত্যুক সাৱতি লয় ৷ আনহাতে, সংকটজনক অৱস্থাত মৃত্যুৰে যুঁজ দি আছে আন এগৰাকী আবাসীয়ে ৷