নেশ্যনেল ডেস্ক,২২ এপ্ৰিল: পুনৰ বন্ধ শ্ৰীনগৰ-লেহ ৰাষ্ট্ৰীয় ঘাইপথ । যাতায়তৰ বাবে মুকলি কৰাৰ ঠিক এদিন পিছত পুনৰ প্ৰচণ্ড তুষাৰপাতৰ বাবে বন্ধ কৰি দিয়া হ'ল ঘাই পথটো ।
উল্লেখ্য যে চাৰি মাহৰ অন্তত বুধবাৰে চাৰি মাহৰ পিছত সীমান্ত পথ সংস্থাই ঘাইপথটো যাতায়তৰ বাবে মুকলি কৰি দিছিল । কিন্তু পুৱাৰে পৰা দ্ৰাছ,মণিমাৰ্গ, সোণামাৰ্গ আৰু জোজিলা অঞ্চলত প্ৰচণ্ড তুষাৰপাতৰ বাবে যান-বাহনৰ চলাচল স্থগিত ৰখা হয় । এটা দিশতহে সৰু যান-বাহন চলাচলৰ অনুমতি দিয়া হৈছে ।