অসম

assam

ETV Bharat / bharat

Pegasus ৰ নিৰীক্ষণ তালিকাত ৰাজকুমাৰী হায়া, ডুবাই প্ৰশাসনলৈ সন্দেহৰ আঙুলি - ফৰবিডেন ষ্ট'ৰিজ

পেগাচাছৰ(Pegasus) নিৰীক্ষণ তালিকাত আছে ৰাজকুমাৰী হায়া আৰু তেওঁৰ ৮ জন ঘনিষ্ঠ সহযোগীৰ ফোন নম্বৰ । এই তথ্যবোৰ এমনেষ্টি ইণ্টাৰনেশ্যনেল(Amnesty International) আৰু ফৰবিডেন ষ্ট'ৰিজে(Forbidden Stories) প্ৰকাশ কৰিছে । লগতে দ্য গাৰ্ডিয়ানকে ধৰি সমগ্ৰ বিশ্বৰে সংবাদ গোষ্ঠীসমূহে বিশ্লেষণ কৰিছে পেগাচাছৰ নিৰীক্ষণ তালিকাৰ তথ্য ।

Princess Haya listed in Pegasus data
পেগাচাছৰ নিৰীক্ষণ তালিকাত ৰাজকুমাৰী হায়াৰ ফোন নম্বৰ

By

Published : Jul 23, 2021, 7:06 AM IST

নেশ্যনেল ডেস্ক, ২২ জুলাই: বৰ্তমান বিশ্বজুৰি চৰ্চিত বিষয় হৈ পৰিছে পেগাচাছ(Pegasus) । এজনৰ পাছত আনজন নেতা, বিশিষ্ট ব্যক্তিৰ ফোন নম্বৰ পেগাচাছৰ সম্ভাৱ্য নিৰীক্ষণ তালিকাত থকাৰ তথ্য পোহৰলৈ আহিছে । শেহতীয়াকৈ ডুবাইৰ ৰাজকুমাৰী হায়া বিন্ত আল-হুছেইন আৰু তেওঁৰ ঘনিষ্ঠ সহযোগী, উপদেষ্টা আৰু বন্ধুবৰ্গৰ মোবাইল ফোনৰ নম্বৰ স্পাইৱেৰ নিৰ্মাতা এনএছঅ'ৰ পেগাচাছৰ সম্ভাৱ্য নিৰীক্ষণ তালিকাত সন্নিৱিষ্ট থকাৰ প্ৰমাণ পোৱা গৈছে । ইংলেণ্ডলৈ যোৱাৰ পাছৰে পৰা ডুবাইৰ আমীৰ শ্বেখ মহম্মদ বিন ৰছিদ আল-মাকতুমৰ প্ৰাক্তন পত্নীৰ ঘনিষ্ঠ সহায়ক আৰু বন্ধুসকলৰ ফোন নম্বৰৰ তথ্য নিৰীক্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

এই তথ্যবোৰ এমনেষ্টি ইণ্টাৰনেশ্যনেল(Amnesty International) আৰু ফৰবিডেন ষ্ট'ৰিজে(Forbidden Stories) প্ৰকাশ কৰিছে । লগতে গাৰ্ডিয়ানকে ধৰি সমগ্ৰ বিশ্বৰে সংবাদ গোষ্ঠীসমূহে বিশ্লেষণ কৰিছে পেগাচাছৰ নিৰীক্ষণ তালিকাৰ তথ্য । ফাদিল হোৱা তথ্য অনুসৰি, এই তালিকাত আছে হায়াৰ ব্যক্তিগত সহায়ক, তেওঁৰ ব্যক্তিগত সুৰক্ষা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ কৰ্মচাৰী, আৰু শ্বেখ মহম্মদৰ সৈতে সন্তানৰ জিম্মাক চলি থকা বিবাদৰ সময়ত তেওঁক পৰামৰ্শ দিয়া এজন অধিবক্তা । দ্য গাৰ্ডিয়ানে প্ৰকাশ কৰা মতে, পূৰ্বে শ্বেখ মহম্মদৰ সৈতে হায়াৰ সম্পৰ্ক সৌহাদ্যপূৰ্ণ আছিল যদিও লতিফা নামৰ আন এগৰাকী ৰাজকুমাৰী বাবে তেওঁলোকৰ সম্পৰ্ক বেয়া হ'বলৈ আৰম্ভ কৰে ।

আশ্চৰ্যজনকভাৱে হায়াৰ বিশ্বাসী কৰ্মচাৰীসকলক তেওঁৰ অনুমতি অবিহনেই বৰ্খাস্ত কৰা হৈছিল । হায়া আৰু তেওঁৰ প্ৰতিনিধিক শাসকৰ আদালতৰ পৰা উলিয়াই দিয়া হৈছিল । হায়াৰ মতে, এয়া যেন তেওঁৰ গালত শোধোৱা এক প্ৰচণ্ড চৰ ।

দ্য গাৰ্ডিয়ানত উল্লেখ কৰা মতে, হায়াৰ অজ্ঞাতেই শ্বেখ মহম্মদে ২০১৯ চনৰ ৭ ফেব্ৰুৱাৰীত শ্বৰিয়া আইনৰ অধীনত তেওঁলোকৰ বিবাহ বিচ্ছেদ কৰিছিল । হায়াই আদালত জনাইছিল যে, এই ঘটনাৰ কেইসপ্তাহমানৰ পিছতে শ্বেখ মহম্মদে তেওঁক নিজে ফোন কৰিছিল । শ্বেখ মহম্মদে কৈছিল যে, "মই তোমাৰ বিষয়ে বেয়া কথা শুনিবলৈ পাইছো" । ব্যক্তিগত দেহৰক্ষীৰ সৈতে হায়াৰ সম্পৰ্ক থকাৰ বিষয়ে পোনপটীয়াকৈ অভিযোগ তোলা নাছিল যদিও শ্বেখ মহম্মদে কৈছিল যে, তেওঁ হায়াক সন্দেহ কৰিবলৈ আৰম্ভ কৰিছে ।

হায়াই আদালতক জনোৱা মতে, এই ফোন কলটোৱে তেওঁক শংকিত কৰিছিল । বেনামী, ভাবুকিপূৰ্ণ টোকা আৰু আগ্নেয়াস্ত্ৰও হায়াৰ শোৱনি কোঠাত থৈ তেওঁ এক প্ৰকাৰ ভাবুকি দিয়াৰ চেষ্টা কৰা হৈছিল বুলি হায়াই অভিযোগ তুলিছে । হায়াই জনোৱা মতে, ২০১৯ চনৰ ১১ মাৰ্চত এখন হেলিকপ্টাৰ তেওঁৰ বাসগৃৰ বাহিৰত অৱতৰণ কৰিছিল আৰু এজন পাইলট ওলাই আহিছিল । পাইলটজনে তেওঁক জনাইছিল যে তেওঁ এজন যাত্ৰীক ডুবাইৰ আৱিৰ নামৰ মৰুভূমিৰ কাৰাগাৰলৈ নিবলৈ আহিছে ।

হায়াই কৌতুক শুনি হঁহাৰ দৰে হাঁহি হাঁহি পৰিস্থিতিটো সহজ কৰিবলৈ চেষ্টা কৰিছিল । আনহাতে হায়াৰ এটা সন্তানে সেইসময়ত ভয়তে তেওঁৰ ভৰিত খামুচি ধৰি আছিল । অৱশেষত পাইলটজন গুচি গৈছিল । অৱশ্যে শ্বেখ মহম্মদে এয়া মিছা বুলি আদালতক জনাইছিল ।

ইয়াৰ পাছতে হায়াই অনুভৱ কৰিছিল যে তেওঁৰ উপস্থিতি সম্পূৰ্ণৰূপে অসুৰক্ষিত আৰু অযোগ্য । অৱশেষত ২০১৯ চনৰ এপ্ৰিল মাহত তেওঁ দুই সন্তানসহ ইংলেণ্ডত উপস্থিত হৈছিল । হায়াই অভিযোগ উত্থাপন কৰিছিল যে, তেওঁ ইংলেণ্ডলৈ যোৱাৰ পিছৰ মাহতে শ্বেখ মহম্মদে তেওঁক স্পষ্টকৈ কৈছিল যে, "তুমি আৰু আমাৰ সন্তান ইংলেণ্ডত কেতিয়াও সুৰক্ষিত নহ'ব ।" দ্য গাৰ্ডিয়ানে প্ৰকাশ কৰা তথ্য অনুসৰি, হায়া লণ্ডনত উপস্থিত হোৱাৰ কিছুদিন পূৰ্বে পেগাচাছৰ নিৰীক্ষণত তালিকাত তেওঁৰ ফোন নম্বৰবোৰ অন্তৰ্ভুক্ত হ'বলৈ আৰম্ভ কৰিছিল ।

পেগাচাছৰ নিৰীক্ষণত তালিকাত আছে কোৱেষ্টৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্টিন স্মিথ । স্মিথে কেইবা বছৰো ধৰি হায়াৰ ব্যক্তিগত নিৰাপত্তাৰ দায়িত্বত আছিল । এই তালিকাত আছে জনসম্পৰ্ক বিশেষজ্ঞ আৰু কোৱেষ্টৰ যোগাযোগ উপদেষ্টা চিমন কোহেন আৰু ঘোঁৰা দৌৰ প্ৰশিক্ষক আৰু হায়াৰ বন্ধু জন গছডেন । লগতে তালিকাখনত হায়াৰ এজন সহায়কৰ ফোন নম্বৰ আছিল । আনকি লণ্ডনৰ এজন অধিবক্তাৰ ফোন নম্বৰো এই তালিকাত আছিল । অৱশ্যে এই সন্দৰ্ভত মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত আছে ।

লগতে পঢ়ক:কাশ্মীৰৰ বাহিৰত বিয়া হোৱা মহিলায়ো পাব Domicile

ABOUT THE AUTHOR

...view details