নেশ্যনেল ডেস্ক, 20 জুন :ডুবাইৰ এক সংবাদ মাধ্যমত প্ৰকাশ হোৱা প্ৰতিবেদন অনুসৰি; ডুবাইৰ প্ৰশাসনে ভাৰতকে ধৰি অন্য কেইখনমান দেশৰ বাসিন্দাসকলৰ বাবে ভ্ৰমণৰ সীমাৱদ্ধতা শিথিল কৰিছে ৷ অৱশ্যে যিসকল ব্যক্তিয়ে UAE দ্বাৰা অনুমদিত ক’ভিড19 প্ৰতিষেধকৰ দুয়োটা পালি লাভ কৰিছে তেওঁলোকৰ বাবেহে এই নিৰ্দেশ প্ৰযোজ্য হ’ব ৷
গাল্ফ নিউজৰ বাতৰি অনুসৰি, শ্বেখ মনচুৰ বিন মহম্মদ বিন ৰছিদ আল মাকতুমৰ নেতৃত্বত ডুবাইৰ সংকট আৰু দুৰ্যোগ ব্যৱস্থাপনা সমিতিয়ে দক্ষিণ আফ্ৰিকা, নাইজেৰিয়া আৰু ভাৰতৰ অন্তৰ্মুখী যাত্ৰীসকলৰ বাবে ডুবাইৰ ভ্ৰমণ প্ৰ’টকলৰ আপডেট কৰাৰ ঘোষণা কৰিছে ৷ এই নিয়ম ২৩ জুনৰ পৰা কাৰ্যকৰী হ'ব ৷
ভাৰতৰ পৰা ভ্ৰমণৰ সন্দৰ্ভত, কেৱল ভিছা থকা যাত্ৰীসকলকে ইউএই অনুমোদিত প্ৰতিষেধকৰ দুটা পালি গ্ৰহণ কৰা লোককহে ডুবাইলৈ যাত্ৰা কৰাৰ অনুমতি দিয়া হৈছে । ইউএই চৰকাৰৰ দ্বাৰা অনুমোদিত চাৰিটা প্ৰতিষেধক আছে, চিনোফাৰ্ম(Sinopharm), ফাইজাৰ-বায়োএনটেক(Pfizer-BioNTech), স্পুটনিক ভি(Sputnik V) আৰু অক্সফৰ্ড-এষ্ট্ৰজেনেকা(Oxford-AstraZeneca) বুলি প্ৰতিবেদনত উল্লেখ কৰে । অৱশ্যে, দক্ষিণ আফ্ৰিকা আৰু নাইজেৰিয়াৰ পৰা, টীকাকৰণ আৰু পিচিআৰ পৰীক্ষাৰ স্থিতি সাপেক্ষে non-residence যাত্ৰীসকলকো ভ্ৰমণ কৰাৰ অনুমতি দিয়া হৈছে ।