নিউজ ডেস্ক, ৫ জুলাই : দিল্লীৰ পৰা ডুবাইগামী স্পাইচ জেটৰ বিমানত বিজুতি (Spice Jet flight from Delhi to Dubai malfunctions) । যাৰ বাবে বিমানখন জৰুৰী অৱতৰণ কৰাবলগা হয় কৰাচীত । স্পাইচজেটৰ বি-737 বিমান সেৱাই পৰিচালনা কৰা দিল্লী-ডুবাই এছজি-11 বিমানখনত এই বিজুতি ঘটে । জানিব পৰা মতে, বিমানখনৰ ইণ্ডিকেটৰ লাইট বিকল হৈ পৰে (SpiceJet aircraft diverted to Karachi safely landed)। ফলত বিমানখনৰ গতিপথ কৰাচীলৈ পৰিৱৰ্তন কৰি তাত জৰুৰী অৱতৰণ কৰোৱা হয় ।
স্পাইচজেটৰ মুখপাত্ৰই জনোৱা অনুসৰি, বিমানখন কৰাচীত সুৰক্ষিতভাৱে অৱতৰণ কৰে আৰু যাত্ৰীসকলক সুৰক্ষিতভাৱে তাৰ পৰা নমোৱা হয় । "কোনো জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হোৱা নাছিল (No emergency declared) আৰু বিমানখনে স্বাভাৱিকভাৱে অৱতৰণ কৰিছিল (Aircraft made a normal landing) । বিমানখনৰ কোনো বিজুতিৰ আগতীয়া কোনো প্ৰতিবেদন লাভ কৰা হোৱা নাছিল । যাত্ৰীসকলক আপ্যায়ণৰ সকলো ব্যৱস্থা কৰা হয় । কৰাচীলৈ আন এখন পৰিৱৰ্ত বিমান প্ৰেৰণ কৰা হয় । উক্ত বিমানখনেৰে যাত্ৰীসকলক ডুবাইলৈ লৈ যোৱা হয় ।" তেওঁ লগতে কয় ।