নেশ্যনেল ডেস্ক, 6 অক্টোবৰ :ঝান্সীত চলন্ত ৰে’লত এটি বৃদ্ধ বিজ্ঞানী দম্পতীৰ ওপৰত মদ্যপান কৰা এজন যুৱকে প্ৰস্ৰাৱ কৰাৰ ঘটনা পোহৰলৈ আহিছে । ঝান্সীৰ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছত বৃদ্ধ বিজ্ঞানী দম্পতীৰ ওপৰত প্ৰস্ৰাৱ কৰিলে এজন মদ্যপায়ীয়ে । ঘটনাটোক লৈ বহু সময় ধৰি এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় । ঘটনা সংত্ৰান্ত অৱগত হোৱাৰ পিচত উক্ত স্থানত উপস্থিত হোৱা টিটিইয়ে মদ্যপান কৰা যাত্ৰীজনক ধৰি ঝান্সী পোৱাৰ পিচত আৰপিএফক গতাই দিয়ে । আৰ পি এফে ৰে’ল আইনৰ অধীনত গোচৰ ৰুজু কৰি অভিযুক্তক জামিন প্ৰদান কৰে ।
বুধবাৰে নিশা বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিজ্ঞানীগৰাকীয়ে পত্নীৰ সৈতে সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছেৰে মধ্যপ্ৰদেশৰ হৰপালপুৰৰ পৰা হজৰত নিজামুদ্দিনলৈ গৈ আছিল । দুয়োজনেই এচি কোচ বি-৩ৰ তলৰ বাৰ্থৰ ৫৭ আৰু ৬০ নম্বৰৰ আসনত বহিছিল । কুতুব বিহাৰ দক্ষিণ পশ্চিম নতুন দিল্লীৰ বাসিন্দা ৰিতেশেও একেটা ডবাৰে চাইড ল’ৱাৰ বাৰ্থৰ ৬৩ নং আসনত বহি যাত্ৰা কৰিছিল । অভিযোগ অনুসৰি তেওঁ মদ্যপান কৰি আছিল । যাত্ৰাৰ সময়ত বুধবাৰে নিশা ৯:৫১ বজাত মাণিকপুৰত ৰিতেশে যাত্ৰা কৰি থকা আসনৰ পৰা বহি থকা বৃদ্ধ দম্পতীৰ ওপৰত প্ৰস্ৰাৱ কৰে । প্ৰস্ৰাৱ কৰাৰ পিচত বিতৰ্ক আৰম্ভ হয় । দম্পতীহালে প্ৰতিবাদ কৰাৰ লগে লগে যুৱকজনে গালি-গালাজ আৰু অপব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে ।