নিউজ ডেস্ক, ৪ জানুৱাৰী:এইবাৰ বিমানৰ ভিতৰত সংঘটিত হৈছে এক অসদাচৰণৰ ঘটনা (misconduct on flights)। শেহতীয়া ঘটনাটোত এজন ব্যক্তিয়ে আমেৰিকা-দিল্লী এয়াৰ ইণ্ডিয়াৰ বিমানৰ বিজনেছ ক্লাছত (business class) এগৰাকী মহিলা যাত্ৰীৰ গাত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপিত হৈছে (man allegedly urinated on woman passenger) । তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু আৰক্ষীয়ে উক্ত অভিযোগৰ তদন্ত আৰম্ভ কৰিছে । সংবাদ সংস্থা ANI-ৰ প্ৰতিবেদন অনুসৰি, ঘটনাটো ২০২২ চনৰ ২৬ নৱেম্বৰত সংঘটিত হৈছিল ।
ঘটনা সন্দৰ্ভত এয়াৰ ইণ্ডিয়াৰ (Air India flight) এজন বিষয়াই ANI-ক কয়, "এয়াৰ ইণ্ডিয়াই এই ঘটনাটোৰ ওপৰত এখন আভ্যন্তৰীণ সমিতি গঠন কৰিছে আৰু পুৰুষ যাত্ৰীজনক 'নো-ফ্লাই লিষ্ট' (no fly list)ত ৰাখিবলৈ পৰামৰ্শ দিছে । বিষয়টো চৰকাৰী সমিতিৰ অধীনত আছে আৰু সিদ্ধান্তৰ বাবে অপেক্ষা কৰি থকা হৈছে ।"
উল্লেখ্য, মাজে সময়ে মাজ আকাশত বিমান যাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হয় । কিছুদিন পূৰ্বে তেনে ধৰণৰ আন এটা ঘটনা সংঘটিত হোৱাৰ পিছত শেহতীয়াকৈ এইটো ঘটনাৰ কথা পোহৰলৈ আহিছে । ইয়াৰ পূৰ্বে বেংকক-কলকাতাৰ এখন বিমানত যাত্ৰীসকলৰ মাজত এক বিবাদ আৰম্ভ হৈছিল । পিছত উক্ত ঘটনাটোৰ ভিডিঅ' ভাইৰেল হৈ পৰে । উক্ত ভাইৰেল ভিডিঅ'টোত দেখা গৈছিল যে দুই-তিনিজন যাত্ৰীৰ মাজত তৰ্কা-তৰ্কি লগাৰ পিছত আন এজন যাত্ৰীৰ ওপৰত প্ৰচণ্ড জোৰে ঘোচা মাৰে । অৱশ্যে কেবিন ক্ৰুয়ে উত্তেজিত যাত্ৰীসকলক শান্ত কৰিবলৈ চেষ্টা কৰে যদিও সেই চেষ্টা বৃথা হয় ।
আনহাতে, ঘটনাটো সন্দৰ্ভত অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই (Civil Aviation Minister Jyotiraditya Scindia) জনায় যে থাই স্মাইল এয়াৰৱেজ (Thai Smile Airways flight) বেংকক-কলকাতাৰ বিমানত হাতাহাতিত জড়িতসকলৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰা হৈছে । "থাই স্মাইল এয়াৰৱেজৰ এখন বিমানত যাত্ৰীসকলৰ মাজত হোৱা হাতাহাতিৰ সন্দৰ্ভত জড়িতসকলৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰা হৈছে । এনে আচৰণ গ্ৰহণযোগ্য নহয় ।" সিন্ধিয়াই এটা টুইটত এনেদৰে কয় ।