অসম

assam

By

Published : Feb 22, 2021, 1:39 PM IST

ETV Bharat / bharat

মুম্বাইত ১২.৫ কোটি টকাৰ ড্ৰাগছ জব্দ

মুম্বাইৰ ছাণ্টাক্ৰুজত ডংৰি আৰক্ষীৰ অভিযানত জব্দ মেফেড্ৰ'ন ড্ৰাগছ । জব্দকৃত ড্ৰাগছখিনিৰ মূল্য ১২.৫ কোটি টকা । ড্ৰাগছসহ সৰবৰাহকাৰী দীপক বাংগেৰাক গ্ৰেপ্তাৰ কৰিলে ডংৰি আৰক্ষীয়ে ।

মুম্বাইৰ ছাণ্টাক্ৰুজত ডংৰি আৰক্ষীৰ অভিযানত জব্দ মেফেড্ৰ'ন ড্ৰাগছ
মুম্বাইৰ ছাণ্টাক্ৰুজত ডংৰি আৰক্ষীৰ অভিযানত জব্দ মেফেড্ৰ'ন ড্ৰাগছ

নেশ্যনেল ডেস্ক, ২২ ফেব্ৰুৱাৰী: অবৈধ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে মুম্বাইত ডংৰি আৰক্ষীৰ অভিযান । আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এটা সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে । মুম্বাইৰ ছাণ্টাক্ৰুজত অভিযান চলাই আৰক্ষীয়ে ১২.৫ কোটি টকা মূল্যৰ মেফেড্ৰ'ন ড্ৰাগছ জব্দ কৰে । লগতে অবৈধভাৱে ড্ৰাগছৰ বেহা চলোৱাৰ অপৰাধত দীপক বাংগেৰা নামৰ এজন লোককো গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে নগদ ৫ লাখ টকাও জব্দ কৰে ।

মেফেড্ৰ'ন ড্ৰাগছ ভৰ্তি কেইবাটাও পেকেট জব্দ কৰাৰ লগতে আৰক্ষীয়ে ওজন লোৱা দুটা যন্ত্ৰও জব্দ কৰে । ৪৮ ঘণ্টা ধৰি আৰক্ষীয়ে জেৰা চলোৱাৰ পিছত বাংগেৰাই স্বীকাৰোক্তি দিয়ে যে, মুম্বাইৰ ৱাকো অঞ্চলত বৃহৎ পৰিমাণৰ ড্ৰাগছ মজুত কৰি ৰখা হৈছে । আনহাতে, আন এক অভিযুক্ত ইছাকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে ইছাকৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে দীপক বাংগেৰাক গ্ৰেপ্তাৰ কৰে । একেটা দিনতে নৱী মুম্বাইৰ ৱাছি অঞ্চলত আৰক্ষীয়ে অভিযান চলায় আৰু আব্দুল ৱাছিমক গ্ৰেপ্তাৰ কৰে ।

আৰক্ষীয়ে ৱাছিমৰ পৰা ৬০ গ্ৰাম মেফেড্ৰ'ন ড্ৰাগছ জব্দ কৰে । অবৈধ ড্ৰাগছ সৰবৰাহ সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । অনাগত দিনত ড্ৰাগছ সৰবৰাহৰে জড়িত বহু ব্যৱসায়ী আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:পণ্ডিচেৰী বিধানসভাত সংখ্যাগৰিষ্ঠতা হেৰুৱালে কংগ্ৰেছে, মুখ্যমন্ত্ৰীৰ পদত্যাগ

ABOUT THE AUTHOR

...view details