নেশ্যনেল ডেস্ক, ১৩ মে': ড্ৰাগছ কন্ট্ৰ'লাৰ জেনেৰেল অফ ইণ্ডিয়া (ডিচিজিআই) এ বৃহস্পতিবাৰে ২ ৰ পৰা ১৮ বছৰ বয়সৰ লোকৰ বাবে ভাৰত বায়'টেকে প্ৰস্তুত কৰা ক'ভেক্সিনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষণত অনুমোদন জনাইছে । ভাৰত বায়'টেকে দিল্লীৰ AIIMS, পাটনাৰ AIIMS আৰু নাগপুৰৰ মেডিট্ৰিনা ইনষ্টিটিউট অৱ মেডিকেল চায়েন্সকে ধৰি বিভিন্ন স্থানত ৫২৫ জন স্বাস্থ্যৱান স্বেচ্ছাসেৱকৰ পৰীক্ষণ চলাব ।
২-১৮ বছৰৰ লোকৰ বাবে প্ৰস্তুত কৰা প্ৰতিষেধকৰ পৰীক্ষণত অনুমতি প্ৰদান
ভাৰত বায়'টেকে ২-১৮ বছৰৰ লোকৰ বাবে প্ৰস্তুত কৰা প্ৰতিষেধক ক'ভেক্সিনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষণত অনুমতি প্ৰদান কৰিছে ভাৰতীয় ঔষধ নিয়ন্ত্ৰকে । ৫২৫ জন স্বেচ্ছাসেৱক আগবাঢ়ি আহিছে এই পৰীক্ষাৰ বাবে ।
২-১৮ বছৰৰ লোকৰ বাবে ভাৰত বায়'টেকে প্ৰস্তুত কৰা প্ৰতিষেধকৰ পৰীক্ষণত অনুমতি প্ৰদান
মঙলবাৰে বিষয় বিশেষজ্ঞ সমিতি-১৯ত এই বিষয়টো বিবেচনা কৰা হৈছিল । বিতং আলোচনাৰ পিছত সমিতিখনে কিছুমান চৰ্ত সাপেক্ষে প্ৰস্তাৱিত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিদানিক পৰীক্ষণ কৰাৰ অনুমতি প্ৰদানৰ পৰামৰ্শ দিয়ে । ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সহযোগত ভাৰত বায়'টেকে প্ৰস্তুত কৰা ক'ভেক্সিন বৰ্তমান ভাৰতত চলি ক'ভিড-১৯ প্ৰতিষেধক প্ৰদান অভিযানত প্ৰাপ্তবয়স্ক লোকক প্ৰদান কৰা হৈছে ।
লগতে পঢ়ক:টিপ্ৰা-বিজেপি ৰাজনৈতিক সংঘৰ্ষত কেবাজনো আহত, কঠোৰ নিৰাপত্তা ব্যৱস্থা