অসম

assam

ETV Bharat / bharat

ঔষধৰ নাম লিখিবলৈ চিকিৎসকক হাজাৰ কোটিৰ উপহাৰ ! ছুপ্রিম কোর্টত PIL - Justice SS Bopanna

ন্যায়াধীশ চন্দ্রচূড়ে কয়, ‘‘এইটো এটা গুৰুতৰ সমস্যা।’’ আনকি তেওঁ কোভিডত (Covid 19) আক্রান্ত হোৱাৰ সময়তো তেওঁক উক্ত ঔষধবিধ খোৱাৰ পৰামর্শ দিয়া হৈছিল বুলিও ন্যায়াধীশগৰাকীয়ে লগতে জনায় ।

Supreme Court
Supreme Court

By

Published : Aug 19, 2022, 1:35 PM IST

নিউজ ডেস্ক, ১৯ আগষ্ট : প্রেছক্রিপচনত নিজৰ কোম্পানীৰ ঔষধৰ নাম লিখাৰ বাবে চিকিৎসকক এক হাজাৰ কোটি টকা বিতৰণ কৰিছে এটি ঔষধ প্রস্তুতকৰ্তা কোম্পানীয়ে (drug manufacturing company disbursed money to doctors) । এই অভিযোগ উত্থাপন হৈছে ছুপ্রিম কোর্টত দাখিল কৰা এখন জনস্বার্থ জড়িত গোচৰৰ আবেদনত (PIL filed in Supreme Court against drugs manufacturing company) ।

‘ফেডাৰেচন অব মেডিকেল এণ্ড ছেলছ ৰিপ্রেজেণ্টেটিভ এছোচিয়েচন অব ইণ্ডিয়া’ই (Federation of Medical and Sales Representative Association of India) ৰুজু কৰা এক জনস্বার্থ জড়িত গোচৰত এই চাঞ্চল্যকৰ অভিযোগ উঠিছে । সংগঠনটোৰ এই অভিযোগৰ লক্ষ্য হৈছে এটি টেবলেট প্রস্তুতকাৰী কোম্পানী । আদালতত সংস্থাটোৰ দাবী, চিকিৎসকসকলে যাতে তেওঁলোকৰ প্রেছক্রিপচনত এই ঔষধবিধৰ নাম লিখে তাৰ বাবে এহাজাৰ কোটি টকা বিতৰণ কৰিছে কোম্পানীটোৱে ।

বৃহস্পতিবাৰে ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় (Justice DY Chandrachud) আৰু এ এছ বোপান্নাৰ (Justice SS Bopanna) খণ্ড বিচাৰপীঠত এই গোচৰটো উঠে । এই সন্দৰ্ভত ফেডাৰেচনৰ অধিবক্তা সঞ্জয় পাৰিখে আদালতত কয়, ‘‘চিকিৎসকসকলে যাতে জ্বৰ নিৰায়মকাৰী ঔষধ হিচাবে উক্ত টেবলেটবিধ খাবলৈ পৰামর্শ দিয়ে তাৰ বাবে এহাজাৰ কোটি টকা বিতৰণ কৰিছে ঔষধ প্রস্তুতকৰ্তা কোম্পানীটোৱে ।’’

আনহাতে, উক্ত বিষয়টি সন্দৰ্ভত নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰি ন্যায়াধীশ চন্দ্রচূড়ে কয়, ‘‘এইটো এটা গুৰুতৰ সমস্যা।’’ আনকি তেওঁ কোভিডত (Covid 19) আক্রান্ত হোৱাৰ সময়তো তেওঁক উক্ত ঔষধবিধ খোৱাৰ পৰামর্শ দিয়া হৈছিল বুলিও ন্যায়াধীশগৰাকীয়ে লগতে জনায় । তেওঁ কয়, ‘‘বিষয়টো কেৱল আমাৰ কাণেৰে শুনা কথা নহয় । মই যেতিয়া কৰোনাত আক্রান্ত হৈছিলোঁ তেতিয়া মোকো এই ঔষধ খাবলৈ কোৱা হৈছিল । ই এক গুৰুতৰ সমস্যা।’’

এই ক্ষেত্ৰত ঔষধ প্রস্তুতকৰ্তা কোম্পানীবোৰে ‘ইউনিফর্ম কোড অব ফার্মাচিউটিকেল মার্কেটিং প্ৰেক্টিচ' (Uniform Code of Pharmaceutical Marketing Practice) অর্থাৎ ঔষধ বিপণনৰ ক্ষেত্রত মানি চলাৰ বাবে কেন্দ্রই প্ৰস্তুত কৰা গাইডলাইন (অৱশ্যে সেয়া মানি চলাটো বাধ্যতামূলক নহয়) যাতে মানি চলে তাৰ বাবে কেন্দ্রক সক্রিয় হোৱাৰ নির্দেশ বিচাৰি আদালতত আবেদন কৰিছে গোচৰকাৰীয়ে । এই প্রসঙ্গত কোভিড-১৯ চলি থকা সময়ত ৰেমচিডিভিৰ ঔষধৰ অত্যধিক বিক্রী আৰু চিকিসকসকলৰ পৰামর্শক উদাহৰণ হিচাবে উল্লেখ কৰিছে গোচৰকাৰীৰ অধিবক্তাই ।

উল্লেখ্য, এই সন্দৰ্ভত কেন্দ্রৰ প্রতিক্রিয়া কি হ'ব সেয়া আগন্তুক এসপ্তাহৰ ভিতৰত জনাবলৈ আদালতে নির্দেশ দিয়ে । ১০ দিন পিছত উক্ত গোচৰৰ পৰৱর্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে ।

লগতে পঢ়ক :ৰামোজী ফিল্ম চিটী আৰু আইআৰচিটিচিৰ মাজত পৰ্যটন চুক্তি

ABOUT THE AUTHOR

...view details