নেশ্যনেল ডেস্ক, 22 মাৰ্চ : আগৰতলাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ তৎপৰতা বৃদ্ধি পোৱাৰ সময়তে দেওবাৰৰ দিনা কুখ্যাত ড্ৰাগছ মাফিয়া নাহিদ মিয়াক তেওঁৰ বাসগৃহৰ পৰা আটক কৰে আৰক্ষীয়ে ৷ SDPO ৰমেশ যাদৱৰ নেতৃত্বত যোৱা এক আৰক্ষীৰ দলে নাহিদৰ বাসগৃহত তালাছী চলাই প্ৰায় 10-12 লাখ টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে নাহিদ মিয়াক আটক কৰিবলৈ সক্ষম হয় ৷
SDPO ৰমেশ যাদৱৰ মতে, আগৰতলাত তিনি ড্ৰাগছ সৰবৰাহকাৰীক চিনাক্ত কৰা হৈছে - নাহিদ মিয়া, ৰাজু দাস আৰু গেহনা ৷ এই তিনিওজনৰ নেতৃত্বতে আগৰতলা চহৰত ড্ৰাগছৰ সৰবৰাহ কৰা হয় ৷ আৰক্ষীৰ অভিযানত ৰাজু আৰু গেহনাই পলাই হাৰিবলৈ সক্ষম হয় যদিও নাহিদক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷