অসম

assam

ETV Bharat / bharat

Congress on Draupadi Murmu: দ্ৰৌপদী মুৰ্মুয়ে ভাৰতৰ অতি অশুভ দৰ্শনক প্ৰতিনিধিত্ব কৰে: কংগ্ৰেছ নেতা অজয় কুমাৰ

এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে ভাৰতৰ অতি অশুভ দৰ্শনক প্ৰতিনিধিত্ব কৰে (Droupadi Murmu represents evil philosophy of India)। তেওঁক আদিবাসীৰ প্ৰতীক বনোৱা উচিত নহয় । এই অভিযোগ কংগ্ৰেছ নেতা অজয় কুমাৰৰ । এই মন্তব্যৰ পাছতে শাসকীয় বিজেপিয়ে উভতি ধৰিছে কংগ্ৰেছ নেতাগৰাকীক ।

By

Published : Jul 13, 2022, 1:15 PM IST

Ajay Kumar on Draupadi Murmu
দ্ৰৌপদী মুৰ্মুয়ে ভাৰতৰ অতি অশুভ দৰ্শনক প্ৰতিনিধিত্ব কৰে

নেশ্যনেল ডেস্ক,১৩ জুলাই :অহা ১৮ জুলাইত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰপতিৰ নিৰ্বাচন (Presidential election of India 2022)। ইতিমধ্যে এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ বিৰুদ্ধে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী দলৰ হৈ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিনহাই প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । তাৰ পূৰ্বে বিজেপি আৰু কংগ্ৰেছৰ মাজত বাকযুদ্ধ আৰম্ভ হৈছে । পুনৰ কংগ্ৰেছ নেতা অজয় কুমাৰে এক বিতৰ্কৰ সৃষ্টি কৰিছে ।

অজয় কুমাৰৰ মতে এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুয়ে ভাৰতৰ অতি অশুভ দৰ্শনক প্ৰতিনিধিত্ব কৰে (Droupadi Murmu represents evil philosophy of India) লগতে ইয়াক আদিবাসীৰ প্ৰতীক কৰা উচিত নহয় বুলিও মন্তব্য কৰে । এই মন্তব্যৰ পাছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিজেপিৰ পৰাও বিভিন্ন ধৰণৰ তীব্ৰ প্ৰতিক্ৰিয়া আহিছে ।

মঙলবাৰে সংবাদমাধ্যমৰ সন্মুখত কংগ্ৰেছ নেতাগৰাকীয়ে অভিযোগ কৰে যে অনুসূচীত জাতিৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে । কুমাৰে উল্লেখ কৰা মতে দ্ৰৌপদী মুৰ্মু আৰু যশৱন্ত সিনহা দুয়োগৰাকী ভাল প্ৰাৰ্থী । কিন্তু দ্ৰৌপদী মুৰ্মুৱে ভাৰতৰ এটা অতি বেয়া দৰ্শনক প্ৰতিনিধিত্ব কৰে । তেওঁক 'আদিবাসী'ৰ প্ৰতীক বনোৱা উচিত নহয় ।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় যে ৰামনাথ কোবিন্দৰ কাৰ্যকালত হাথৰাছ কাণ্ড সংঘটিত হৈছে । কিন্তু এই সম্পৰ্কত তেওঁ এটা শব্দও কৈছে নেকি বুলি প্ৰশ্ন কৰে ?

ৰাষ্ট্ৰপতি নিৰ্বাচনক "ৰাষ্ট্ৰৰ আত্মাৰ বাবে যুঁজ" বুলি অভিহিত কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে সকলো একে মনৰ দলে বিৰোধী দলৰ প্ৰাৰ্থী যশৱন্ত সিনহাক ভোট দিব লাগে । কংগ্ৰেছ নেতাগৰাকীয়ে অভিযোগ কৰা মতে প্ৰতীক সৃষ্টি কৰা আৰু ভাৰতৰ জনসাধাৰণক মুৰ্খ সজোৱাটোৱেই মোডী চৰকাৰৰ লক্ষ্য (Ajay Kumar criticized BJP Govt)। কংগ্ৰেছ নেতাগৰাকীৰ এই মন্তব্যক লৈ বিজেপিয়ে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । কুমাৰৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই কয় যে কংগ্ৰেছে মুৰ্মুক অপমান কৰিছে ।

উল্লেখ্য যে যদি দ্ৰৌপদী মুৰ্মু নিৰ্বাচিত হয় তেনেহ'লে তেওঁ হ'ব ভাৰতৰ প্ৰথম জনজাতীয় ৰাষ্ট্ৰপতি আৰু দেশৰ দ্বিতীয় গৰাকী মহিলা ৰাষ্ট্ৰপতি । তেওঁ ঝাৰখণ্ডৰ প্ৰথম মহিলা ৰাজ্যপাল আছিল (২০১৫-২০২১)। ওড়িশাৰ পিছপৰা জিলা ময়ূৰভঞ্জ নামৰ এখন গাঁৱৰ এটা দৰিদ্ৰ জনজাতীয় পৰিয়ালত জন্ম গ্ৰহণ কৰা মুৰ্মুৱে প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ স্বত্বেও পঢ়া-শুনা সম্পূৰ্ণ কৰে ।

দ্ৰৌপদী মুৰ্মু ২০১৩ চনৰ পৰা ২০১৫ চনলৈ বিজেপিৰ এছ টি মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী সদস্য আছিল আৰু ২০১০ আৰু ২০১৩ চনত ময়ূৰভঞ্জ (পশ্চিম)ৰ বিজেপি জিলা মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ২০০৬ আৰু ২০০৯ চনৰ ভিতৰত, তেওঁ ওড়িশাত বিজেপিৰ এছ.টি. মৰ্চাৰ মুৰব্বী আছিল । ২০০২ চনৰ পৰা ২০০৯ চনলৈ তেওঁ বিজেপি এছ টি মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য আছিল ।

লগতে পঢ়ক :Term of President Ram Nath Kovind: ৫ বছৰীয়া কাৰ্যকালত ২০৩ৰো অধিক বিধেয়কত সন্মতি দিছে ৰাষ্ট্ৰপতি কোবিন্দে

ABOUT THE AUTHOR

...view details