নেশ্যনেল ডেস্ক, 5 ডিচেম্বৰ :উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম এখন পাহাৰীয়া ৰাজ্য মেঘালয় । পাহাৰীয়া ৰাজ্যখনৰ বাট-পথ আদিও সুগম নহয় । কিছুমান স্থানত বসতি আছে যদিও নাই বাট-পথ । সেই অঞ্চলসমূহলৈ মানুহবোৰে কেৱল খোজকাঢ়িহে যাব পাৰে । তেনে পৰিস্থিতিত সেই অঞ্চলৰ লোকসকল চিকিৎসা সেৱা আৰু অন্যান্য সেৱাসমূহৰ পৰা বঞ্চিত হৈছে ।
এই ধৰণৰ এক অঞ্চল হৈছে পশ্চিম গাৰো পাহাৰ জিলাৰ পেডেলডোবা । উক্ত অঞ্চলটোত পেডেলডোবা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে যদিও কেন্দ্ৰটোলৈ ঔষধ-পাতি প্ৰেৰণত যথেষ্ট অসুবিধাৰ সৃষ্টি হয় । এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত ৫ টা উপ-কেন্দ্ৰও আছে । সেইবোৰলৈও যাতায়তৰ পৰ্যাপ্ত সুবিধা নাই । ফলস্বৰূপে স্বাস্থ্য বিভাগে চিকিৎসা সামগ্ৰী আৰু ঔষধ প্ৰেৰণ কৰাত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে ।
অৱশ্যে এই পৰিৱেশ সোমবাৰৰ পৰা সলনি হোৱাৰ সম্ভাৱনা আছে । কিয়নো ড্ৰোণৰ জৰিয়তে পেডেলডোবা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই লাভ কৰিব ঔষধ, ভেকছিন আৰু অন্যান্য স্বাস্থ্যসেৱাৰ সামগ্ৰী (Drones to deliver drugs to Meghalaya)। ভাৰ্টিপ্লেন X3 নামৰ বিশেষ ড্ৰোণৰ জৰিয়তে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোলৈ প্ৰেৰণ কৰা হ'ব স্বাস্থ্যসেৱাৰ সামগ্ৰীসমূহ (Vertiplane x3 to carry medicine to Pedaldoba) ।
ইতিমধ্যে এই ক্ষেত্ৰত সুবিধা হোৱাকৈ পেডেলডোবাৰ পৰা প্ৰায় ৬৯ কিলোমিটাৰ আৰু তুৰাৰ পৰা ৩২ কিলোমিটাৰ দূৰত জেংজালৰ মহকুমা চিকিৎসালয়ত ভাৰতৰ প্ৰথমটো ড্ৰোণ ষ্টেচন নিৰ্মাণ কৰা হৈছে (Drone station in Jengjal Meghalaya)। জেংজাল হৈছে জিলা সদৰ আৰু মেঘালয়ৰ পশ্চিম অংশৰ সৰ্ববৃহৎ চহৰ ।
এই সন্দৰ্ভত ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী জেমছ পি কে চাংমাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ জনোৱা মতে, মেঘালয় চৰকাৰে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ঘোষণা কৰা উদাৰকৃত ড্ৰোণ নিয়ম ২০২১ক অনুসৰণ কৰি পৰিবহণৰ এক নতুন যুগৰ সূচনা কৰাৰ সিদ্ধান্ত লৈছে । ৰাজ্যখনৰ দুৰ্গম ভূখণ্ড আৰু প্ৰত্যাহ্বানপূৰ্ণ যাতায়াত ব্যৱস্থাৰ বাবে চৰকাৰে ৰাজহুৱা স্বাস্থ্য ল’জিষ্টিকৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । সেই অনুসৰি এটা পাইলট প্ৰজেক্ট হাতত লোৱা হৈছিল আৰু ২০২১ চনৰ ২৬ নৱেম্বৰত ৰাজ্যখনৰ পশ্চিম খাচী পাহাৰ জিলাৰ এখন অসামৰিক চিকিৎসালয়ৰ পৰা দুটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ ড্ৰোণ উৰোৱা হৈছিল । অতি দুৰ্গম অঞ্চলত আছে এই PHC কেইটা ।