অসম

assam

ETV Bharat / bharat

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ বাবে ড্ৰোন জৰীপ বাধ্যতামূলক - উচ্চ-ৰিজলিউশ্বন ডিজিটেল কেমেৰা

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নিৰ্দেশনা অনুসৰি ঠিকাদাৰসকলে তত্বাৱধান পৰামৰ্শদাতাৰ দলৰ নেতাৰ উপস্থিতিত উন্নয়ন, নিৰ্মাণ, সঞ্চালন আৰু তত্বাৱধানৰ সকলো স্তৰতে ড্ৰোন ভিডিঅ' ৰেকৰ্ডিং কৰিব লাগিব আৰু ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ পৰ্টেল 'ডাটা লেক'ত এই প্ৰকল্পৰ ভিডিঅ' আপলোড কৰিব লাগিব ৷

drone-survey-mandatory-for-all-national-highway-projects
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ বাবে ড্ৰোন জৰীপ বাধ্যতামূলক

By

Published : Jun 16, 2021, 10:55 PM IST

নেশ্যনেল ডেস্ক, 16 জুন : নিৰ্মাণকাৰ্যৰ সকলো পৰ্যায়ত পাৰদৰ্শিতা (transparency), ঐক্যতা (uniformity) আৰু নৱ প্ৰযুক্তিৰ সুবিধা লোৱাৰ উদ্দেশ্যে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বুধবাৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ মাহিলী ভিডিঅ' ৰেকৰ্ডিঙৰ বাবে ড্ৰোন ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰে । নিৰ্দেশনা অনুসৰি ঠিকাদাৰ সকলে তত্বাৱধান পৰামৰ্শদাতাৰ দলৰ নেতাৰ উপস্থিতিত উন্নয়ন, নিৰ্মাণ, সঞ্চালন আৰু তত্বাৱধানৰ সকলো স্তৰতে ড্ৰোন ভিডিঅ' ৰেকৰ্ডিং কৰিব লাগিব আৰু ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ পৰ্টেল 'ডাটা লেক'ত এই প্ৰকল্পভিডিঅ' আপলোড কৰিব লাগিব ৷

উল্লেখ্য যে, তত্বাৱধান পৰামৰ্শদাতাসকলে এই ভিডিঅ'বোৰ বিশ্লেষণ কৰিব আৰু প্ৰকল্প বিকাশৰ বিভিন্ন দিশ সামৰি ডিজিটেল মাহিলী প্ৰগতি প্ৰতিবেদনৰ ওপৰত তেওঁলোকৰ মন্তব্য প্ৰদান কৰিব । এই ভিডিঅ'বোৰ এনএইচএআই বিষয়াসকলে প্ৰকল্পসমূহৰ শাৰীৰিক পৰিদৰ্শনৰ সময়ত পূৰ্বৰ পৰ্যৱেক্ষণৰ আধাৰত কৰা বিসংগতি আৰু সংশোধন পৰীক্ষা কৰিবলৈ ব্যৱহাৰ কৰিব ।

ইয়াৰ উপৰিও, এনএইচএআইৰ প্ৰকল্প সঞ্চালকসকলে চুক্তি স্বাক্ষৰৰ তাৰিখৰ পৰা স্থানত প্ৰকল্পটো নিৰ্মাণ আৰম্ভ হোৱাৰ পৰা সম্পূৰ্ণ হোৱালৈকে মাহিলী ড্ৰোন জৰীপ কৰিব । এনএইচএআই য়ে সকলো বিকশিত প্ৰকল্পত মাহিলী ড্ৰোন জৰীপ কৰিব য'ত আৰু এই সকলোবোৰ পৰিচালনা আৰু তত্বাৱধানৰ বাবে এনএইচএআই দায়বদ্ধ হ’ব ৷

উক্ত ভিডিঅ'বোৰ স্থায়ীভাৱে 'ডাটা লেক'ত সংৰক্ষণ কৰা হ'ব, সেইবোৰ মধ্যস্থতাকাৰী ন্যায়াধিকৰণ আৰু আদালতৰ সন্মুখত বিবাদ নিষ্পত্তি প্ৰক্ৰিয়াৰ সময়ত প্ৰমাণ হিচাপেও ব্যৱহাৰ কৰিব পাৰিব । ইয়াৰ উপৰিও, মানদণ্ড বৃদ্ধিৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথসমূহত পথ অৱস্থা জৰীপ কৰাৰ বাবে নেটৱৰ্ক জৰীপ বাহন (এনএছভি)ৰ বাধ্যতামূলক প্ৰয়োগে ঘাইপথসমূহৰ সামগ্ৰিক মানদণ্ড বৃদ্ধি কৰিব কিয়নো এনএছভিয়ে 360 ডিগ্ৰী ছবিৰ বাবে উচ্চ-ৰিজলিউশ্বন ডিজিটেল কেমেৰা, লেজাৰ ৰোড প্ৰফাইলোমিটাৰ আৰু পথপৃষ্ঠত দুৰ্দশা জোখাৰ বাবে অন্যান্য শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰা হয় ।

লগতে পঢ়ক : মেট্ৰিকত মাতৃভাষাক উপেক্ষা নকৰিবলৈ আহ্বান অসম জাতীয় পৰিষদৰ

ABOUT THE AUTHOR

...view details