জীৱনশৈলীৰ পৰিৱৰ্তন আৰু ভুল খাদ্যাভ্যাসৰ বাবে আজিকালি এচিডিটিৰ সমস্যাটো সাধাৰণ হৈ পৰিছে । তেলীয়া আৰু টেঙা খাদ্য, টোপনিৰ অভাৱ, অকাল খাদ্য আদিয়েও পেটত জ্বলা-পোৰা আৰু গেছ সৃষ্টি কৰে। যদি আপুনিও এচিডিটিৰ সমস্যাত ভুগি আছে, তেন্তে কিছুমান পানীয় সেৱন কৰাটো আপোনাৰ বাবে উপকাৰী হ’ব পাৰে(5 drinks to get relief from acidity problem)। এই পানীয়সমূহৰ বিষয়ে জানো আহক...
১/ জিৰাৰ পানী
জিৰাত পৰ্যাপ্ত পৰিমাণে আঁহ পোৱা যায় । যিয়ে পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে । ইয়াক সেৱন কৰিলে এচিডিটিৰ সমস্যাৰ পৰা সকাহ পাব পাৰি । ইয়াৰ বাবে আপুনি জিৰাৰ পানী খাব পাৰে(what juice is good for acid reflux)। ইয়াক তৈয়াৰ কৰিবলৈ কেৰাহীত পানী লৈ জিৰা দি উতলাই লওক । তাৰ পিছত ফিল্টাৰ কৰক, যেতিয়া কুহুমীয়া হৈ পৰে তেতিয়া পান কৰিব পাৰে ।
২/ নেমু আৰু মৌ পানীয়
ভিটামিন-চি আৰু প্ৰদাহ নিবাৰণকাৰী গুণ নেমুত পোৱা যায় । যিয়ে পেটত উপস্থিত বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়ে । নেমুৰ ৰস কুহুমীয়া গৰম পানীত মিহলাই লওক । তাত এচামুচ মৌও দিব । এই পানীয়ই এচিডিটি দূৰ কৰাত সহায় কৰে ।
লগতে পঢ়ক:Side Effect of Skipping Dinner: মেদবহুলতা হ্ৰাস কৰিবলৈ ৰাতিৰ আহাৰ ত্যাগ কৰাৰ নাই কোনো প্ৰয়োজনীয়তা