নেশ্যনেল ডেস্ক, 21 ফেব্ৰুৱাৰী:দেশক প্ৰতাৰণা কৰি বিদেশত সোণৰ যোগান ধৰা চুডানৰ ছিণ্ডিকেট ডি আৰ আইয়ে বন্ধ কৰি দিছে । ডি আৰ আইৰ (Directorate of Revenue Intelligence) দ্বাৰা পৰিচালিত বিশেষ অভিযান ‘অপাৰেচন গোল্ড ড’নত প্ৰায় ৫১ কোটি টকাৰ ১০১.৭ কেজি সোণ উদ্ধাৰ কৰা হৈছে (DRI recovered more than 1 quintal gold)।
ধৰা পৰা ১০ জন সৰবৰাহকাৰীৰ ভিতৰত ৭ জন সৰবৰাহকাৰী চুডানৰ নাগৰিক (10 Smuggler arrested) । আনহাতে তিনিজন ভাৰতীয় জড়িত হৈ আছে । বিহাৰৰ পাটনা আৰু মহাৰাষ্ট্ৰৰ দুখন চহৰত এই অভিযান চলাইছিল ডি আৰ আইয়ে । এই সন্দৰ্ভত এতিয়াও অহা নাই ডি আৰ আইৰ বক্তব্য ।
উল্লেখ্য যে, ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ অপাৰেচন গোল্ড ড’ন (Operation Gold Dawn) পান ইণ্ডিয়াৰ অধীনত গ্ৰহণ কৰা ব্যৱস্থাত এক বৃহৎ তথ্য পোহৰলৈ আহিছে । মুম্বাইৰ পুনেৰ পাটনাত এই অভিযান চলোৱা হৈছিল । ভাৰত-নেপাল সীমান্তৰে পাটনালৈ আহিছিল সৰবৰাহকাৰী । তাৰ পিচত বিমান আৰু ৰেলৰ জৰিয়তে সৰবৰাহ কৰিছিল । ৩৭ কেজি সোণৰ পেষ্টসহ পাটনাত আটক ৩ চুডানৰ নাগৰিক ।