নিউজ ডেস্ক, ২০ এপ্ৰিল :এই ডিজিটেল যুগত বিহাৰত এক অগতানুগতিক পদক্ষেপ । বিহাৰত নিষিদ্ধ কৰা হৈছে জিনছ পেণ্ট আৰু টিশ্বাৰ্ট পৰিধান কৰাটো (Jeans and tshirts banned for Bihar govt employees) । অৱশ্যে সেয়া সকলোতে নহয় । বিহাৰৰ এখন আদালতে চাৰণ জিলাৰ চৰকাৰী কৰ্মচাৰীসকলক জিনছ আৰু টিশ্বাৰ্ট পিন্ধি কাৰ্যালয়লৈ অহাটো নিষিদ্ধ কৰিছে (Dress code for Bihar govt employees) । খবৰ অনুসৰি, চাৰণৰ জিলা দণ্ডাধীশে কৰ্মচাৰীসকলক জিনছ আৰু টিশ্বাৰ্ট পৰিধান নকৰিবলৈ নিৰ্দেশ দিছে আৰু তেওঁলোকক ডিঙিত তেওঁলোকৰ পৰিচয়-পত্ৰ পিন্ধিবলৈ কৈছে, যাতে সৰ্বসাধাৰণে তেওঁলোকক সহজতে চিনাক্ত কৰাত সহায় হয় (court banned Jeans and tshirts in Bihar offices) ।
সেয়ে এতিয়াৰে পৰা কৰ্মচাৰীসকলে আনুষ্ঠানিক পোছাক পিন্ধিব লাগিব । লগতে পুৱা 10 বজাৰ পৰা আবেলি 4 বজাৰ ভিতৰৰ কৰ্মঘণ্টাৰ সময়ত কাৰ্যালয়ত উপস্থিত থাকিব লাগিব । আইএএনএছৰ এক প্ৰতিবেদন অনুসৰি, কাৰ্যালয়সমূহত কৰ্মসংস্কৃতি সলনি কৰাৰ সিদ্ধান্ত লোৱা হৈছে । তেওঁলোকক পোছাক সংহিতা বা ড্ৰেছ কোড ভংগ নকৰিবলৈও সতৰ্ক কৰি দিয়া হৈছে । কিয়নো জিলা দণ্ডাধীশে নিৰ্দিষ্ট বিভাগবোৰৰ আকস্মিক পৰিদৰ্শন কৰিব আৰু তেওঁলোকে আদালতৰ নিৰ্দেশনা অনুসৰণ কৰিছেনে নাই পৰীক্ষা কৰিবলৈ ভিডিঅ' কনফাৰেন্সিং কৰিব পাৰে বুলিও কোৱা হৈছে ।
অৱশ্যে বিহাৰত এনে নিৰ্দেশনা নতুন নহয় । ইয়াৰ পূৰ্বেও নীতিশ কুমাৰ চৰকাৰে কৰ্মচাৰীসকলৰ বাবে কাৰ্যালয়ত সৰল আৰু মাৰ্জিত পোছাক পিন্ধিবলৈ নিৰ্দেশ দি এক পোছাক বিধি জাৰি কৰিছিল (Nitish Kumar government issued dress code) । লগতে শালীনতা বজাই ৰাখি কাম কৰিবলৈ জিন্স আৰু টিশ্বাৰ্ট পিন্ধি কাৰ্যালয়লৈ অহাটো নিষিদ্ধ কৰিছিল ।