অসম

assam

ETV Bharat / bharat

পিনাকা ক্ষেপণাস্ত্ৰৰ সফল উৰণ পৰীক্ষণ

পিনাকা ক্ষেপণাস্ত্ৰৰ উৰণ পৰীক্ষণ সম্পন্ন ৷ বুধবাৰে সম্পূৰ্ণ সফলতাৰে ডিআৰডিঅ ই তৈয়াৰ কৰা ক্ষেপণাস্ত্ৰৰ উৰণ পৰীক্ষণ সম্পন্ন হয় ৷ বুধবাৰে উৰিষ্যা উপকূলৰ চান্দীপুৰৰ ইণ্টিগ্ৰেটেড টেষ্ট ৰেঞ্জৰ পৰা মুঠ ছটা ক্ষেপণাস্ত্ৰৰ উৰণ পৰীক্ষণ কৰা হয় ৷

পিনাকা ক্ষেপনাস্ত্ৰৰ সফল উৰণ পৰীক্ষণ
পিনাকা ক্ষেপনাস্ত্ৰৰ সফল উৰণ পৰীক্ষণ

By

Published : Nov 5, 2020, 10:45 AM IST

বালেশ্বৰ (ওড়িশা):ডিআৰডিঅ'ৰ দ্বাৰা তৈয়াৰী ক্ষেপণাস্ত্ৰৰ উন্নত সংস্কৰণৰ সফল উৰণ পৰীক্ষণ সম্পন্ন ৷ বুধবাৰে উৰিষ্যা উপকূলৰ চান্দীপুৰৰ ইণ্টিগ্ৰেটেড টেষ্ট ৰেঞ্জৰ পৰা পিনাকা ক্ষেপণাস্ত্ৰৰ উৰণ পৰীক্ষণ সম্পন্ন হয় ৷ মুঠ ছটা ক্ষেপণাস্ত্ৰৰ বুধবাৰে সফলভাৱে পৰীক্ষণ সম্পন্ন হয় আৰু আটাইকেইটা পৰীক্ষণেই উদ্দেশ্য অনুসৰি সফল হোৱা বুলি জানিব পৰা গৈছে ৷

ডিআৰডিঅ ৰ এগৰাকী বিষয়াই জনাই যে প্ৰত্যেকটো উৰণেই টেলিমেট্ৰি, ৰাডাৰ আৰু ইলেক্ট্ৰ অপটিকেল ট্ৰেকিঙ চিষ্টেমৰ দ্বাৰা ট্ৰেক কৰা হৈছে আৰু এই চিষ্টেমৰ জৰিয়তেই প্ৰত্যেকটো ক্ষেপণাস্ত্ৰৰ উৰণৰ কাৰ্যক্ষমতা নিৰীক্ষণ কৰা হৈছে ৷ পিনাকা ক্ষেপণাস্ত্ৰৰ এই বৰ্ধিত সংস্কৰণে বৰ্তমানে উৎপাদনৰত পিনাকা এমকে - I ৰ ঠাই ল'ব ৷

ভগৱান শিৱৰ ধনুৰ নামেৰে নামাকৰণ কৰা পিনাকা ৰকেট, ইতিমধ্যে সেনাত থকা মাল্টি-বেৰেল ৰকেট লঞ্চাৰ প্ৰণালীৰ অংশ আৰু চীন আৰু পাকিস্তান দুয়ো ঠাইতে চলা অভিযানত ইয়াক সফলভাৱে নিয়োজন কৰা হৈছে ৷

লগতে পঢ়ক:জ্যোৰ্তিবিজ্ঞানৰ সন্দৰ্ভত ভাৰত-স্পেইনৰ মাজৰ বুজাবুজিৰ চুক্তিত অনুমোদন কেবিনেটৰ

ABOUT THE AUTHOR

...view details