নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী :প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (Defence Research and Development Organisation) চমুকৈ ডিআৰডিঅ'ৰ (DRDO) এজন জ্যেষ্ঠ কাৰিকৰী বিষয়াক বালাচোৰ আৰক্ষীয়ে গুপ্তচৰ বৃত্তিৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে (DRDO official arrested on espionage charges) । আনহাতে, ঘটনা সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ইষ্টাৰ্ণ ৰেঞ্জৰ আৰক্ষী মহা পৰিদৰ্শক (IGP Eastern Range) হিমাংশু লালে কয় যে, কাৰিকৰী বিষয়াজন বালাচোৰ জিলাৰ চান্দিপুৰত ডিআৰডিঅ'ৰ ইণ্টিগ্ৰেটেড টেষ্ট ৰেঞ্জত (DRDOs Integrated Test Range) নিযুক্ত আছিল ।
আৰক্ষী মহা পৰিদৰ্শকগৰাকীয়ে লগতে কয় যে, অভিযুক্তগৰাকীক এগৰাকী পাকিস্তানী মহিলাই হনী ট্ৰেপিঙত পেলাইছিল (DRDO officer honey trapped by Pakistani woman) । তেনেদৰে তেওঁ আইটিআৰৰ (ITR) পৰা সংবেদনশীল তথ্য পাবলৈ তেওঁক নিজৰ নগ্ন ফটো আৰু ভিডিঅ' প্ৰেৰণ কৰিছিল । "অভিযুক্তই এবছৰ ধৰি এগৰাকী পাকিস্তানী যুৱতীৰ সৈতে সম্পৰ্কত আছিল ।" লালে কয় ।
আনহাতে, আৰক্ষী সূত্ৰ অনুসৰি, গ্ৰেপ্তাৰ কৰা বিষয়াজনে অশ্লীল ফটো আৰু ভিডিঅ'ৰ বিনিময়ত পাকিস্তানী মহিলা এজেণ্টৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিষয়ে গোপন তথ্য ভাগ-বতৰা কৰিছিল (DRDO officer shared Defence Ministry information) । তেওঁলোকে লগতে প্ৰকাশ কৰে যে পাকিস্তানৰ ৰাৱালপিণ্ডিৰ পৰা এই হনী ট্ৰেপিঙৰ অভিযান চলোৱা হৈছিল ।